“অকল বিৰিণাৰেই অসুখ বুলি ঠিক ক’ব নোৱাৰি। মিয়া আব্দুলাহ, ৰাঘবন, ৰুস্তম জুনজুনৱালা, আচেংলা, পিয়ূষ বৰুৱা সকলোৰে অৱস্থা একেই। কিবা এটা হৈছে, কিবা এটা নাই, মাজে মাজে কিহবাই যেন হেঁচা মাৰি ধৰে, মনটো অস্থিৰ হৈ উঠে; কিন্তু কোনো বাহ্যিক লক্ষণ নাই, কাষত থকা মানুহজনৰ বাবে কিন্তু যিকোনো সময়তেই বিৰিণা সম্পূৰ্ণ সুস্থ। “
২০১৬ বৰ্ষত ‘মুনিন বৰকটকী সাহিত্য বঁটা’ লাভ কৰা ভাস্কৰ ঠাকুৰীয়াৰ ‘সিংহদ্বাৰ’ সম্পূৰ্ণ অগতানুগতিক শৈলীৰে নিৰ্মাণ কৰা এক ব্যতিক্ৰমী উপন্যাস। উপন্যাসখনৰ দ্বিতীয়টি সংস্কৰণ প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
কিছুমান সমান্তৰাল কাহিনীক একত্ৰে গ্ৰথিত কৰি উপন্যাস ৰূপ দিয়া হৈছে ‘সিংহদ্বাৰ’ত। বিশ্বপ্ৰসিদ্ধ চিত্ৰশিল্পী নিক’লাছ ৰৰিকৰ জীৱন দৰ্শন আৰু ১৯২৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা ছবিৰ শৃংখল ‘চাংক্টা’ৰ প্ৰভাৱ উপন্যাসখনৰ নেপথ্যৰ চালিকাশক্তি বুলি ঔপন্যাসিকে মত ব্যক্ত কৰিছে।
জীৱনৰ বিচিত্ৰ ঘটনাৱলীক চৰিত্ৰৰ বিক্ষিপ্ত চিন্তাৱলীৰ মাধ্যমেৰে ইয়াত অংকন কৰা হৈছে; কাহিনীৰ মাধ্যমেৰে কোৱা হৈছে প্ৰেম, বিশ্বাস, শূন্যতা, অস্থিৰতাৰ কথা—
“… কিন্তু নাই; সি কোনো যাদুবিদ্যাৰে অদৃশ্যও হ’ব নোৱাৰে। আগন্তুক ঘটনাবোৰৰ দিকনিৰ্ণয়ো সি কৰিব পৰা নাই আৰু এই পৰিস্থিতিৰ পৰা ওলাই সাধাৰণ মানুহৰ সাধাৰণ পৃথিৱী এখনলৈ ঘূৰি যোৱা পাকলগা পথবোৰৰো কোনো উৱাদিহ সি নোপোৱা হৈছে। “
উপন্যাসখনৰ পৃষ্ঠাই পৃষ্ঠাই কাহিনীকাৰৰ সূক্ষ্ম বিষয়জ্ঞান আৰু সুগভীৰ অধ্যয়নশীলতাৰ উমান পোৱা যায়। বহু ঠাইত প্ৰাসংগিকভাৱে ইতিহাসৰ কেইবাটাও চৰিত্ৰৰ উপস্থিতি তথা কাল্পনিক চৰিত্ৰৰ সমাহাৰে উপন্যাসখনত অনন্য বিশেষত্ব সংযোজন কৰিছে।
উপন্যাসখন জীৱনৰ ঘটনা-পৰিঘটনা তথা আৱেগ-অনুভূতি কিছুমানৰ খণ্ডিত চিত্ৰায়ণ। অথচ খুব সাৱলীলভাৱে কাহিনীবোৰক একেডাল সূতাৰে গাঁথি উলিয়াই ‘সিংহদ্বাৰ’ক এখনি মননশীল উপন্যাস ৰূপে তুলি ধৰা হৈছে। পৰম্পৰাগত শৈলীৰ বিপৰীতে স্ব-সৃষ্ট এক অভিনৱ পদ্ধতিৰে ঔপন্যাসিকে পাঠকক এক বৈচিত্ৰ্যময় সোৱাদ দিবলৈ সক্ষম হৈছে; যাক অভূতপূৰ্ব বুলি ক’ব পাৰি।
সিংহদ্বাৰ
ভাস্কৰ ঠাকুৰীয়া
পূৰ্বায়ণ প্ৰকাশন

সিংহদ্বাৰ
ভাস্কৰ ঠাকুৰীয়া
SINGHADWAR : A CHORONICLE OF PARALLEL STORIES KNITTED TOGETHER INTO A NOVEL.
WRITTEN BY : BHASKAR THAKURIA
PUBLICATION : PURBAYON
ISBN : 978-93-90919-84-4
দ্বিতীয় প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 190
LANGUAGE : ASSAMESE

SINGHADWAR – NOVEL BY BH...

 176.00

Out of stock

error: Content is protected !!