“… কি সমাজৰ বাসিন্দা তাই! মৰণকাতৰ যন্ত্ৰণাতো সমাজৰ কুটিল হাঁহি! তাইৰ নিঃস্বাৰ্থ মৰমক নেওচিব নোৱাৰি যাবলগীয়াজনো যাব পৰা নাই! শেষ নিশ্বাসলৈকে হাতৰ মুঠি শিথিল হোৱা নাই আৰু সমাজে আঙুলি টোঁৱাইছে তাইৰ প্ৰেমক! অকৃত্ৰিম ভালপোৱাক!! ইফালে প্ৰাণৰো প্ৰাণসম তাইৰ আকাংক্ষিক প্ৰেমাস্পদৰ জীৱন-মৰণ সন্ধিক্ষণ! তাইৰ নিঃস্বাৰ্থ মৰম-আদৰক মানুহে কিয় বাৰে বাৰে কাঠগড়াত উঠাব খোজে? “
“শেষ নিশ্বাসৰ চন্দুকৰ সমল”—এটি মৰ্মস্পৰ্শী কাহিনীৰে লিখি উলিওৱা ঈশানী হাজৰিকাৰ উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
“ঈশান আৰু চন্দনাৰ আত্মাৰ মিলনৰ এক নিভাঁজ প্ৰেমগাথা। আত্মহত্যাক জীৱনৰ চৰম পথ বুলি বিবেচনা নকৰা চন্দনাই কেনেদৰে নিজৰ লগতে সন্তানক জীয়াই ৰখাৰ বাবে আপ্ৰাণ শ্ৰম কৰিছিল, তাৰ এক সুন্দৰ নিদৰ্শন—“শেষ নিশ্বাসৰ চন্দুকৰ সমল”।
উপন্যাসখনত কোৱা হৈছে নাৰীৰ ত্যাগ, সংগ্ৰাম আৰু সাহসিকতাৰ কথা। জীৱন আৰু নিয়তিয়ে পদে পদে প্ৰবঞ্চনা কৰাৰ পাছতো স্থিতপ্ৰজ্ঞ হৈ ৰ’ব পৰা দৃঢ়তা আৰু হাজাৰ ধুমুহাৰ মাজতো হাউলি নপৰা বটবৃক্ষ হৈ ৰোৱা এগৰাকী নাৰীৰ কথা—
“কিমান আৰু কান্দিব তাই! মানুহক দেখুৱাই চি়ঞৰি চিঞৰি কান্দিব পৰা হ’লেও তাই এনেকৈ এটি জীৱন্ত মৃতদেহ হৈ জীয়াই থাকিব নালাগিলহেঁতেন, কোনে বুজিব তাইৰ কথা?… নাই নাই, তাই প্ৰবল আত্মবিশ্বাসী নাৰী। তাই সম্বন্ধ আৰু সম্পৰ্ক কি বুজি পোৱা নাৰী। মানুহৰ পিছফালৰ পৰা অহা নঞৰ্থক কথাত ভাগি নপৰা নাৰী। “
চৰম হতাশা আৰু নিৰাশাই বিধ্বস্ত কৰাৰ পাছতো এই উপন্যাসৰ কাহিনী আৰু চৰিত্ৰই জীৱনমুখিতাৰ কথাকেই কৈছে; যি কথাই পাঠককো উদ্বুদ্ধ কৰিব।
শেষ নিশ্বাসৰ চন্দুকৰ সমল
ঈশানী হাজৰিকা
পূৰ্বায়ণ প্ৰকাশন

 

শেষ নিশ্বাসৰ চন্দুকৰ সমল
ঈশানী হাজৰিকা
SESH NISHWASHAR CHANDUKAR SAMAL
A NOVEL WRITTEN BY : ISHANI HAZARIKA
PUBLICATION : PURBAYON
ISBN : 978-93-92699-22-1
প্ৰথম প্ৰকাশ : ডিচেম্বৰ 2021
দ্বিতীয় প্ৰকাশ : ডিচেম্বৰ 2021
PAGES : 174
LANGUAGE : ASSAMESE

SESH NISHWASHAR CHANDUKAR SAMA...

 192.00

In stock

or