“শৈশৱৰ জিলিঙনি”—শিশু-কিশোৰৰ বাবে উপযোগী এমুঠি গল্পৰ সংকলন। ৰীমা ৰহমানৰ এই গল্পপুথিখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
পাতনিতে সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক যুগললোচন দাসে কৈছে—
“শিশুৰ বাবে লিখাটো আটাইতকৈ জটিল কাম। শিশুৰ কুমলীয়া মনৰ জগতখনেই বিচিত্ৰ। তেওঁলোকৰ মনোজগতখনত ভালদৰে বিচৰণ কৰি লেখাবোৰহে প্ৰকৃততে শিশু সাহিত্য।… শিশুৰ মনোজগতখনৰ বিষয়ে একান্তভাৱে অধ্যয়ন উপলব্ধি কৰি ৰীমাই গল্প লিখা আৰম্ভ কৰি এতিয়া প্ৰথমখন শিশু গল্প সংকলন প্ৰকাশৰ পথত আগবাঢ়িছে। প্ৰায় ১৫ টা গল্পৰে এই সংকলনখন সজাইছে। পাণ্ডুলিপিটো চকু ফুৰাই মই দৃঢ়তাৰে ক’ব বিচাৰোঁ যে, ৰীমাই প্ৰতিটো গল্পত শিশুৰ বিচিত্ৰ মনোজগতৰ গভীৰত সোমাই পৰিবলৈ সক্ষম হৈছে। প্ৰতিটো গল্পত নৈতিক শিক্ষা আছে। শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবেও তেওঁ গল্পবোৰৰ মাজেৰে একোটা বাৰ্তা প্ৰেৰণ কৰিছে। ”
“হৃদয়ৰ মনত নানা কথাই দোলা দি থাকিল। সৰু ভায়েক বুবু আৰু তাৰ দৰে বায়েকৰোতো মন যায় সিহঁতৰ দৰে কথা ক’বলৈ। কিন্তু…। ভগৱানে তাৰ ধুনীয়া মৰমিয়াল বায়েকজনীক মাতটোহে দিয়া নাই।… বায়েকৰ মুখত কেতিয়াবা এটা দুটা শব্দ হঠাৎ ওলাই যায়। তেতিয়া হৃদয়ে মনত বৰ সন্তোষ পায়। ”
শিশু-মনৰ সুকোমল অনুভূতি আৰু সংবেদনশীলতাক লেখিকাই এনেদৰেই খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। কোমল বয়সীয়া শিশু-কিশোৰৰ বাবে চিত্তাকৰ্ষক আৰু সহজবোধ্য হোৱাকৈ গল্পবোৰৰ ভাষাও সহজ-সৰল, প্ৰকাশভংগী সাৱলীল আৰু বিষয়বস্তুও মন পৰশা।
সংকলনটিত থকা চুটি চুটি গল্পসমূহে শিশুসকলৰ মনত আমোদ দিয়াৰ লগতে ধনাত্মক চিন্তাৰো খোৰাক যোগাব ।
শৈশৱৰ জিলিঙনি
ৰীমা ৰহমান
পূৰ্বায়ণ প্ৰকাশন

 

শৈশৱৰ জিলিঙনি
শিশু কিশোৰৰ এমুঠি গল্প
ৰীমা ৰহমান
SAISHABAR JILINGANI (SISHU KISHORAR EMUTHI GOLPO) : A COLLECTION OF CHILDREN SHORT STORIES
WRITTEN BY : RIMA RAHMAN
PUBLICATION : PURBAYON
ISBN : 978-93-92699-09-2
প্ৰথম প্ৰকাশ : নৱেম্বৰ, 2021
PAGES : 56
LANGUAGE : ASSAMESE

SAISHABAR JILINGANI CHILDREN S...

 112.00

In stock

or
error: Content is protected !!