‘ৰূপান্তৰৰ সাধনা’—জীৱন, শিক্ষা, সাহিত্য, সমাজ আৰু গ্ৰন্থ বিষয়ক দুকুৰি তিনিটা চিন্তাশীল, তথ্যসমৃদ্ধ, সমালোচনামূলক প্ৰবন্ধৰ সংকলন। চুলতান আলি আহমেদৰ গ্ৰন্থখনৰ সম্পৰ্কে বিশিষ্ট সাহিত্যিক-সমালোচক ড০ হীৰেন গোহাঁয়ে কৈছে—
“এই ৰচনা -সংকলনখন সাহিত্য আৰু জীৱন সম্পৰ্কে তেওঁৰ অন্বেষণ আৰু উপলব্ধি সামৰি লিখা নিবন্ধৰ সমাহাৰ। কিছুমান ৰচনাত তেওঁৰ বিচাৰে এটা সূক্ষ্ম আয়তন লাভ কৰিছে, আৰু আন কিছুমানত জীৱন-ধাৰণৰ হাতপুথিৰ দৰে উপকাৰী ধ্যান-ধাৰণাৰ সংগ্ৰহ।”
সংকলনটিত অন্তৰ্ভুক্ত প্ৰবন্ধসমূহৰ বিষয়-বৈচিত্ৰ্য লক্ষ্যণীয়। তদুপৰি বস্তুনিষ্ঠ গুণ, সহজ-সৰল ভাষা, প্ৰাঞ্জল গদ্যশৈলী, পুংখানুপুংখ বিচাৰ-বিশ্লেষণ তথা লেখকৰ বিষয়-জ্ঞানৰ গভীৰতাই ৰচনাসমূহ গাম্ভীৰ্যপূৰ্ণ কৰি তুলিছে। কবি, ঔপন্যাসিক আৰু সমালোচক প্ৰাণজিৎ বৰাৰ মতে—
“চুলতানৰ প্ৰকাশভংগী পোনপটীয়া, ভাষা নিৰ্মেদ। অযথা বৌদ্ধিক প্ৰদৰ্শনৰ বাতুলামিৰ বিপৰীতে এই ভাষাই নিৰপেক্ষ দৃষ্টিভংগীৰে বিষয়ক বিচাৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰখৰ আৰু বিৰল অন্তৰ্দৃষ্টিৰ স্বাক্ষৰ বহন কৰিছে। ”
‘ৰূপান্তৰৰ সাধনা’—পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখনে সকলো স্তৰৰ পাঠককে উপকৃত কৰিব আৰু চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হ’ব।
ৰূপান্তৰৰ সাধনা
ড০ চুলতান আলী আহমেদ
পূৰ্বায়ণ প্ৰকাশন

 

ৰূপান্তৰৰ সাধনা
সমাজ, সাহিত্য, শিক্ষা আৰু জীৱন বিষয়ক এমুঠি প্ৰবন্ধ
ড° চুলতান আলী আহমেদ
RUPANTARAR SADHANA : A COLLECTION OF ARTICLES ON VARIOUS ASPECTS
WRITTEN BY : SULTAN ALI AHMED
PUBLISHED BY : DR. AMRIT KUMAR UPADHYAY
PUBLICATION : PURBAYON
ISBN : 978-93-92699-15-3
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 251
LANGUAGE : ASSAMESE

RUPANTARAR SADHANA WRITTEN BY ...

Original price was: ₹ 260.00.Current price is: ₹ 208.00.

In stock

or
error: Content is protected !!