অসমীয়া মৌখিক লোক-সাহিত্যক সমৃদ্ধ কৰি ৰখা নিচুকনি গীত বিষয়ক এখনি অনন্য পুথি–“নিচুকনি গীত আৰু গীতি সাহিত্য”; য’ত নিচুকনি গীতৰ বিভিন্ন দিশ সম্পৰ্কে প্ৰণালীবদ্ধভাৱে আলোচনা কৰা হৈছে।
মনহৰি বায়নৰ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
মূল বিষয়বস্তুৰ পৰিচয়মূলক আলোচনাৰ লগতে নিচুকনি গীতত মাতৃস্নেহ বা বাৎসল্য প্ৰেম, প্ৰকৃতি চিত্ৰণ, কল্পনা, নাটকীয়তা, ল’ৰাৰ প্ৰাধান্য, হাস্যৰস, অলৌকিকতা আদি দিশবোৰ আলোচনাৰ আওতালৈ অনা হৈছে। তদুপৰি এইবিধ গীতৰ সুৰ সংযোজনা, ছন্দ আৰু অলংকাৰৰ ব্যৱহাৰ সম্পৰ্কেও উদাহৰণ-উদ্ধৃতিসহ বিচাৰ-বিশ্লেষণ কৰা হৈছে। লগতে অন্যান্য কেতবোৰ গুৰুত্বপূৰ্ণ দিশ যেনে-নিচুকনি গীতত লোকজীৱনৰ প্ৰতিফলন, সমাজ সচেতনতা, ৰামকথাৰ প্ৰভাৱ আদিও গ্ৰন্থখনৰ আলোচনাই সামৰি লৈছে।
নিচুকনি গীতৰ অন্তৰালত নিহিত হৈ থকা শিশু আৰু নাৰী মনস্তত্ত্ব বিষয়ক আলোচনাৰ উপৰি পৰিশিষ্টত ওমলা গীত আৰু নামনি অসমত প্ৰচলিত নিচুকনি গীতৰ সংযোজন গ্ৰন্থখনৰ উল্লেখনীয় দিশ।
ক’ব পাৰি–“এই গ্ৰন্থখনিত অসমীয়া গীতি-সাহিত্যৰ অনেক অনাৱিষ্কৃত কথাৰ অন্বেষণ কৰা হৈছে আৰু লেখকৰ আলোকসন্ধানী চিন্তাই শিশু আৰু মাতৃৰ মনস্তত্ত্বক স্পৰ্শ কৰি বহুতো নতুন দিশ উন্মোচন কৰিছে। ”
গ্ৰন্থখন নিচুকনি গীত সম্পৰ্কীয় অধ্যয়ন, অনুসন্ধান আৰু গৱেষণাৰ ক্ষেত্ৰত সহায়ক হোৱাৰ লগতে সকলো শ্ৰেণীৰ পাঠককে উপকৃত কৰিব।
নিচুকনি গীত আৰু গীতি সাহিত্য
মনহৰি বায়ন
পূৰ্বায়ণ প্ৰকাশন

NICHUKANI GEET ARU GEETI SAHIT...

 127.00

Out of stock

error: Content is protected !!