বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত সাংবাদিক টেৰেছা ৰহমান প্ৰণীত ‘মই ভাল পোৱা বিষয়বোৰ: সংবাদ আৰু সাংবাদিকতা’ গ্ৰন্থখন পঢ়িলোঁ। গ্ৰন্থখন পঢ়ি এনে লাগিল – মই দেখোন আমাৰ ৰাজ্যখনৰ, আমাৰ দেশখনৰ প্ৰাকৃতিক, সামাজিক, অৰ্থনৈতিক পৰিৱেশ আৰু তদ্ভৱ সমস্যাবোৰৰ মাজত সোমাই পৰিছোঁ। এইখন অনূদিত গ্ৰন্থ। কিন্তু বন্যা বৰুৱাৰ সুন্দৰ আৰু সাৱলীল অনুবাদে পাঠকক ভবাই তোলে, পাঠকে যেন মূল গ্ৰন্থ এখনহে পঢ়ি আছে। উপস্থাপন প্ৰণালী আৰু কথন শৈলীয়ে গ্ৰন্থখনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। এই বিশিষ্ট মানৰ গ্ৰন্থখন পাঠকৰ হাতলৈ আগবঢ়াই দিয়াৰ বাবে সাহসী সাংবাদিক টেৰেছা ৰহমানলৈ থাকিল মোৰ হৃদ্য অভিনন্দন।
– সুৰেন তালুকদাৰ, সাহিত্য অকাদেমি অনুবাদ পুৰস্কাৰ প্ৰাপক অনুবাদক, লেখক

মই ভালপোৱা বিষয়বোৰ : সংবাদ আৰু সাংবাদিকতা : অনুবাদ : বন্যা বৰুৱা

অসমীয়া সাংবাদিকতা আৰু সংবাদ সাহিত্যলৈ এই কিতাপখনে নিঃসন্দেহে এক উল্লেখনীয় বৰঙণি আগবঢ়াব-হেমন্ত বৰ্মন
টেৰেছা ৰহমান

BOOK NAME: MOI BHALPOA BIKHOIBOR: SONGBAD ARU SANGBADIKOTA

WRITTEN BY: TERESA REHMAN

PUBLISHED BY: PURBAYON PUBLICATION

PUBLICATION: PURBAYON PUBLICATION

LANGUAGE: ASSAMESE

MOI BHALPOA BIKHOIBOR: SONGBAD...

 112.00

In stock

or
error: Content is protected !!