“মান্দালয়ৰ ওচৰৰ অসমীয়া গাঁৱৰ শিৱচন্দ্ৰৰ মাক চন্দ্ৰময়ীক সোধা প্ৰশ্ন এটাৰ উত্তৰত তেওঁ কৈছিল—‘আমি ধ্বংস হৈ যাব পাৰোঁ কিন্তু কেতিয়াও অসমীয়াত্ব নেৰোঁ। ” কলিজা-মগজু দুয়োটা বিন্ধি যোৱা মন্তব্য। ”
ঐতিহাসিকভাৱে বিচ্ছিন্ন আত্মজসকলৰ শিপাৰ সন্ধানত কৰা এক অনবদ্য অভিযানৰ অনন্য কাহিনী —“মানৰ দেশত”! লেখক তপন কুমাৰ শৰ্মা সহিতে অন্য দুগৰাকী বন্ধু ডাঃ সত্যকাম ফুকন আৰু বিনয় কুমাৰ শৰ্মাৰ দুঃসাহসিক এই অভিযানৰ বৈচিত্ৰ্যময় কাহিনী কিতাপ আকাৰত প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
প্ৰচুৰ পৰিমাণে ঐতিহাসিক ভৌগোলিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক তথ্যসমৃদ্ধ এই গ্ৰন্থখনত তথ্য আৰু বিশ্লেষণৰ সমান্তৰালভাৱে স্পৰ্শকাতৰ ৰূপত চিত্ৰিত হৈছে যুদ্ধবন্দী অসমীয়াসকলৰ দাসত্বৰ মৰ্মন্তুদ কাহিনী, মাতৃভূমিৰ পৰা বিতাড়িত জীৱন-যন্ত্ৰণাৰ কৰুণতম গাথা।
গ্ৰন্থখনে পাঠকৰ মন-মগজুক আলোড়িত কৰি সেই দুৰ্ভগীয়া মানুহখিনিৰ প্ৰতি সহানুভূতি উদ্ৰেক কৰাই নহয়; বৰঞ্চ গৱেষণামূলক অধ্যয়নৰ বাবেও নতুন নতুন দুৱাৰ মুকলি কৰি দিব। বিশিষ্ট ইতিহাস প্ৰণেতা লক্ষ্মীনাথ তামুলীৰ মন্তব্য প্ৰণিধানযোগ্য—
“তিনি বন্ধুৰ সেই অভিযানকাৰী অনুসন্ধানে অসমৰ ইতিহাস, নৃতত্ত্ব, সমাজতত্ত্বৰ ছিৰিয়াছ অধ্যয়ন আৰু প্ৰণালীবদ্ধ গৱেষণাৰ প্ৰচুৰ সম্ভাৱনাৰ দুৱাৰ মুখত পাঠকক হাজিৰ কৰাই দিব। ”
মানৰ দেশত
তপন কুমাৰ শৰ্মা
পূৰ্বায়ণ প্ৰকাশন

 

মানে অসম আক্ৰমণ কৰি বৰ্বৰভাৱে বন্দী কৰি ম্যানমাৰলৈ লৈ যোৱা ছিন্নমূল অসমীয়াসকলৰ এক ট্ৰেজিক কাহিনী
তপন কুমাৰ শৰ্মাৰ
মানৰ দেশত
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
ভ্ৰমণবিলাসী লেখক, অধ্যাপক তপন কুমাৰ শৰ্মাৰ ‘মানৰ দেশত : ঐতিহাসিকভাৱে বিতাৰিত অসমীয়াৰ সন্ধানত’ গ্ৰন্থখন বিস্মৃত ইতিহাস অনুসন্ধানৰ এটা ব্যতিক্ৰমী আৰু সফল প্ৰচেষ্টা৷ অসমৰ ইতিহাসৰ এটা ক’লা অধ্যায় ‘মানৰ আক্ৰমণ’ৰ বলি হৈ ছিন্নমূল হৈ পৰা একাংশ অসমীয়াক বিচাৰি যোৱাৰ বাবে লেখকে অনুভৱ কৰা তাড়না আৰু তাক কাৰ্যকৰী কৰি তুলিবলৈ কৰা প্ৰণালীবদ্ধ আৰু পৰিশীলিত প্ৰচেষ্টাই এক বিশিষ্টতাৰ পৰিচয় দিয়ে৷ শিপাছিন্ন অসমীয়া লোকসকলক মানৰ দেশ বা আজিৰ ম্যানমাৰলৈ বিচাৰি গৈ তেওঁলোকৰ শেহতীয়া অৱস্থা, সামাজিক, মানসিক স্থিতিৰ বুজ ল’বলৈ লেখকে দুই বন্ধুৰ সৈতে যাত্ৰাকালত চেষ্টা কৰিছে৷ আৰু তাৰ নিপুণ ধাৰাভাষ্য ‘মানৰ দেশত’ গ্ৰন্থত তেওঁ দাঙি ধৰিছে৷ ইতিহাস প্ৰণেতা লক্ষ্মীনাথ ফুকনে গ্ৰন্থখন সম্পৰ্কত কৈছে যে, ‘তিনি বন্ধুৰ সেই অভিযানকাৰী অনুসন্ধানে অসমৰ ইতিহাস, নৃ-তত্ত্ব, সমাজতত্ত্বৰ ছিৰিয়াছ অধ্যয়ন আৰু প্ৰণালীৱদ্ধ গৱেষণাৰ প্ৰচুৰ সম্ভাৱনাৰ দুৱাৰ-মুখত পাঠকক হাজিৰ কৰাই দিব৷’ ইতিহাসৰ ছিগা সূতা জোৰবলৈ লেখকে কৰা এই গ্ৰন্থখনৰ জৰিয়তে কৰা প্ৰচেষ্টা অতি ব্যতিক্ৰমী আৰু নিসন্দেহে সফল৷ সুলেখকগৰাকীৰ সাৱলীল বৰ্ণনা আৰু সমগ্ৰ যাত্ৰাটোৰ তথ্যপূৰ্ণ বৰ্ণনাই গ্ৰন্থখনৰ বিষয়বস্তুৰ মৰ্মত প্ৰৱেশ কৰাটো পঢ়ুৱৈৰ বাবে সহজসাধ্য কৰি তুলিছে৷
ভ্ৰমণকাহিনীৰ মাদকতা আৰু গভীৰ ইতিহাস চেতনা দুয়োটাই গ্ৰন্থখনৰ পাতত পঢ়ুৱৈয়ে বিচাৰি পাব৷

মানৰ দেশত
এতিহাসিকভাৱে বিতাৰিত
অসমীয়াৰ সন্ধানত
তপন কুমাৰ শৰ্মা
MANAR DESHOT : AN ASSAMESE TRAVELAGUE CUM HISTORICAL FINDINGS
WRITTEN BY : TAPAN KUMAR SARMA
PUBLISHED BY : DR. AMRIT KUMAR UPAHYAY
PUBLICATION : PURBAYON
ISBN : 978-93-90919-59-8
তৃতীয় সংস্কৰণ : নৱেম্বৰ, 2021
PAGES : 176
LANGUAGE : ASSAMESE

MANAR DESHOT – TRAVELAGU...

 204.00

Out of stock

error: Content is protected !!