মহাৰথী – চন্দ্ৰপ্ৰসাদ শইকীয়া
Maharathi
Author: Chandra Prasad Saikia
Language: Assamese
Publisher: Banalata

(১৯৯৫ চনৰ সাহিত্য অকাডেমি পুৰস্কাৰ প্ৰাপ্ত)

চন্দ্ৰপ্ৰসাদ শইকীয়া মহাৰথী উপন্যাস

Maharathi
A novel based on the life of Karna, a great character of mahabharata,written by chandra prasad saikia.published by banalata.

মহাৰথী হ’ল অসমীয়া সাহিত্যিক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াদেৱৰদ্বাৰা ৰচিত এখন উপন্যাস। মহাৰথীক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াৰ জীৱনৰ শ্ৰেষ্ঠ সাহিত্য-কৃতি বুলি গণ্য কৰা হয়। ‘মহাৰথী’ শব্দৰ অৰ্থ হৈছে মহান যোদ্ধা।

চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া (জন্ম:১৯২৭ – মৃত্যু:২০০৬) হৈছে এজন অসমীয়া গল্পকাৰ আৰু ঔপন্যাসিক। কলিকতা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ত এম.এ. শ‍ইকীয়াই সাংবাদিকতাক বৃত্তি হিছাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল। এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিছাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে। এই উপন্যাসৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা আৰু ২০০২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই “অসমীয়া”, “প্ৰকাশ” আৰু “গৰীয়ষী” কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি গৈছিল। তেখেতে ১৯৯৯ আৰু ২০০০ চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল।

কাহিনীৰ সাৰাংশ
মহাৰথীৰ কাহিনী ভাৰতীয় মহাকাব্য মহাভাৰতৰ ওপৰত আধাৰিত। ইয়াৰ মুখ্য চৰিত্ৰ হৈছে মহাবীৰ কৰ্ণ। কৰ্ণ আছিল সূৰ্য্য আৰু কুন্তীৰ সন্তান। এজন নিপুণ যোদ্ধা হোৱাৰ উপৰিও দয়ালু আৰু দানশীল স্বভাৱৰ বাবেও কৰ্ণ জনাজাত আছিল। প্ৰকৃত পিতৃ-মাতৃৰ পৰিচয় গোপন হৈ থকাৰ বাবে ‘সূত-পুত্ৰ’ বুলি জীৱনকালত কৰ্ণ পদে পদে লাঞ্চনাৰ সম্মুখীন হৈছিল। মহাভাৰতৰ যুদ্ধত কৌৰৱৰ হৈ যুঁজ দিয়া কৰ্ণৰ নিজৰেই অৰ্দ্ধ-ভ্ৰাতৃ অৰ্জুনৰ হাতত শোকাবহ মৃত্যু ঘটিছিল।

কৰ্ণৰ মানৱীয়তা আৰু মৰ্মন্তদ জীৱনৰ কাহিনী চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াদেৱে ‘মহাৰথী’ত কুশলী ভাষাৰে হৃদয়স্পৰ্শীভাৱে প্ৰকাশ কৰিছে । এক নতুন আংগিকৰ উপন্যাস হিছাপে ই অসমীয়া সাহিত্যৰ জগতত ব্যৱসায়িক দিশতো সফল আছিল।

১৯৯৫ চনত এই উপন্যাসৰ বাবে চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

Maharathi – Chandraprasa...

 187.00

In stock

or