অসমীয়া সাহিত্যৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ এগৰাকী লেখকৰ
আৰম্ভণি কালৰ সঞ্চিত মুকুতা
জ্ঞানপীঠ বঁটাপ্ৰাপক মামণি ৰয়ছম গোস্বামীৰ অসংকলিত গল্পসম্ভাৰ
মেগনলীয়া
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
অসমীয়া সাহিত্যৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ লেখিকা মামণি ৰয়ছম গোস্বামীৰ সাহিত্যকৃতিয়ে অসমীয়া সাহিত্যক প্ৰদান কৰিছে অনন্য গৰিমা৷ ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’, ‘মামৰে ধৰা তৰোৱাল’, ‘নীলকণ্ঠী ব্ৰজ’, ‘আধা লেখা দস্তাবেজ’, ‘তেজ আৰু ধোঁৱাৰে ধূসৰিত পৃষ্ঠা’ আদিৰ দৰে অনেক কালজয়ী গ্ৰন্থেৰে অসমীয়া সাহিত্যক অনতিক্ৰম্য উচ্চতা প্ৰদান কৰা লেখিকাগৰাকীৰ লেখক জীৱনৰ আৰম্ভণি কালছোৱাক বাদ দি তেওঁৰ পৰিক্ৰমাটোক সম্পূৰ্ণৰূপে অনুধাৱন কৰাটো নিশ্চয় সম্ভৱ নহয়৷ ‘মেগনলীয়া’ প্ৰকৃততে তেওঁৰ পৰিক্ৰমাটোৰ পৰিপূৰ্ণতাৰ প্ৰদান কৰা এখন গ্ৰন্থ৷ এই সংকলনখনত তেওঁ লেখক জীৱনৰ প্ৰথম পৰ্বৰ কেইটামান গল্প সংকলিত কৰা হৈছে৷ সংকলনখন সম্পাদনা কৰা লেখিকাৰ ভগ্নী সবিতা শৰ্মাই লিখিছে– ‘কাগজবোৰ উলিয়াই চাই দেখিলোঁ যে, বাইদেৱে লিখা, ১৯৫২ চনৰ পৰা বিভিন্ন বাতৰি কাকত যেনে– ‘দৈনিক অসম’, ‘নতুন অসমীয়া’, ‘অসম বাণী’ আদিত প্ৰকাশিত গল্প৷ মামণি বাইদেৱে নিজেও হয়তো এই গল্পবোৰ এনেদৰে সংৰক্ষণ হৈ থকাৰ কথা পাহৰি গৈছিল৷’
এনে এক বিস্মৃত সময়ৰ ধাৰাভাষ্য বহন কৰি থকা ‘মেগনলীয়া’ এইবাবেই মহত্ত্বপূৰ্ণ এখন গ্ৰন্থ যে, এগৰাকী ক্ষণজন্মা লেখিকাৰ লেখক জীৱনৰ প্ৰথম গঁজালিবোৰ ই ধৰি ৰাখিছে৷

BOOK NAME: MAGNOLIYA – Mamoni Raisom Goswami

মেগনলীয়া
মামণি ৰয়ছম গোস্বামীৰ অসংকলিত গল্পসম্ভাৰ
সম্পাদক : সবিতা শৰ্মা

EDITED BY: SABITA SARMAH

PUBLISHED BY: PURBAYON PUBLICATION

PUBLICATION: JAGARAN SAHITYA PRAKASHAN

LANGUAGE: ASSAMESE

MAGNOLIYA – Mamoni Raiso...
error: Content is protected !!