আধুনিক অসমীয়া ভাষা-সাহিত্যৰ অগ্ৰগণ্য দিক্ নিৰ্ণায়ক লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য-কৃতি যেনেদৰে বহুধা-বিভক্ত; ঠিক সেইদৰে তেওঁৰ সৃষ্টিশীল সাহিত্যৰ ভাষাও ৰচনাভেদে বৈচিত্ৰ্যময় আৰু বিশেষত্বপূৰ্ণ। এই দিশটোকে বিশ্লেষণাত্মক দৃষ্টিভংগীৰে খৰচি মাৰি আলোচনা কৰা হৈছে “লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিশীল সাহিত্যৰ ভাষা-এটি অধ্যয়ন”—শীৰ্ষক গ্ৰন্থখনত।
পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ড০ মনালিছা বৰাৰ এই গৱেষণামূলক গ্ৰন্থখনে আলোচনাৰ আওতালৈ অনা বিষয়সমূহ এনেধৰণৰ—
* অৱতৰণিকাত লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন, সাহিত্য আৰু সমাজ সম্পৰ্কে চমু বিৱৰণ আগবঢ়োৱা হৈছে।
*দ্বিতীয় অধ্যায়ত আছে বেজবৰুৱাৰ সৃষ্টিশীল সাহিত্যৰাজি সম্পৰ্কীয় বিশ্লেষণ।
*তৃতীয় অধ্যায়ত আলোকপাত কৰা দিশকেইটি হ’ল –বেজবৰুৱাৰ সৃষ্টিশীল সাহিত্যৰ ভাষাত ব্যাকৰণগত প্ৰয়োগ, শব্দপ্ৰয়োগৰ বিশেষত্ব, জতুৱা ৰূপৰ প্ৰয়োগ, বাক্যৰ চাতুৰ্য আৰু অলংকাৰৰ প্ৰাচুৰ্য।
*চতুৰ্থ অধ্যায়ত লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ ভাষা-মাধুৰ্য আৰু তেওঁৰ সাধুকথা, ‘চম্পাৱতী’ আৰু ইয়াৰ ভাষা সম্পৰ্কে আলোচনা কৰা হৈছে।
বেজবৰুৱাৰ বিশাল সৃষ্টিৰাজিৰ যথেষ্ট সংখ্যক উদাহৰসহিতে লেখিকাই মূল বিষয়টো নিখুঁট আৰু পদ্ধতিগতভাৱে খুব সুন্দৰকৈ বিশ্লেষণ কৰিছে। গ্ৰন্থখন সম্পৰ্কে ড০ দীপ্তি ফুকন পাটগিৰিয়ে মন্তব্য আগবঢ়াইছে এনেদৰে—
“… বেজবৰুৱাৰ ভাষাৰ ৰূপ অতুলনীয়। এইগৰাকী অসমীয়া ভাষা-সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাতাৰ সাহিত্যৰ ভাষাৰ আলোচনা তথা বিশ্লেষণ আগবঢ়াই অধ্যাপিকা ড০ মনালিছা বৰাই অসমীয়া সাহিত্যৰ এটি বিশেষ দিশলৈ অনুপম সম্ভাৰ আগবঢ়াইছে। এই গ্ৰন্থখনিয়ো অসমীয়া পাঠক তথা গৱেষক আৰু ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে উপকৃত কৰিব বুলি বিনাদ্বিধাৰে ক’ব পাৰি।”
লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিশীল সাহিত্যৰ ভাষ: এটি অধ্যয়ন
ড০ মনালিছা বৰা
পূৰ্বায়ণ প্ৰকাশন

 

লক্ষ্মীনাথ বেজবৰুৱাৰ
সৃষ্টিশীল সাহিত্যৰ ভাষা এটি অধ্যয়ন
ড° মনালিছা বৰা
LAKSHMINATH BEZBARUAR SRISTISIL SAHITYAR BHASA : ETI ADHYAYAN : A RESEARCH BASED BOOK.
WRITTEN BY : DR. MONALISA BORAH
PUBLICATION : PURBAYON
ISBN : 978-93-93881-42-7
প্ৰথম প্ৰকাশ : ফেব্ৰুৱাৰী, 2022
PAGES : 186
LANGUAGE : ASSAMESE

LAKSHMINATH BEZBARUAR SRISTISI...

 200.00

Out of stock

error: Content is protected !!