“পিঠিৰ দাগটো তাই নেদেখে। অনুভৱ কৰে। মৰা তেজে গোট মৰা অংশটো খেপিয়াই খেপিয়াই সেকে তাই। দুৱাৰডলিটো পাৰ হ’বলৈ ভৰিটো দাঙোতেও প্ৰায়ে বুকুখন গেজগেজায়। বুকুখন মোহাৰি পানী দুঘোটমান খাই বহি পৰে তাই। মনত পৰে তাইৰ… ”
ৰাস্না পালকৰ নৱতম উপন্যাস –‘যাতনাৰ পৃষ্ঠা’ প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে। পাতনিত ঔপন্যাসিকাই কৈছে —
“নাৰী কি পুৰুষ সকলোৰে বুকুত গোপনে বিষাদৰ লতা এডাল বগুৱা বাই থাকে। কোনোবাই পুৰুষৰ ভাৰখন বেছি দেখে, কোনোবাই নাৰীৰ ভাৰখন বেছি দেখে। তাৰ পিছতো জীৱনটো চলি যায়। আচলতে বৈ যায়। কথাবোৰো… ঠেকা খায় বুকুত য’তে ত’তে। ”
তেনেবোৰ কথাৰেই ‘যাতনাৰ পৃষ্ঠা’ মানুহৰ জীৱন-যন্ত্ৰণাৰ কাহিনী। প্ৰতিকূলতা আৰু মৃতপ্ৰায় অৱস্থাতো নতুনকৈ জী উঠাৰ কাহিনী; য’ত আছে সময় আৰু ভাগ্যই বিধ্বস্ত কৰা মানুহৰ জীৱন-যুদ্ধৰ কাহিনী।
জীৱন স্থবিৰ নহয় কেতিয়াও, কোনো কাৰণতে। জীৱনৰ এই গতিশীলতাকে ‘যাতনাৰ পৃষ্ঠা’ উপন্যাসখনত হৃদয় চুই যোৱা কাহিনী এটিৰ মাধ্যমেৰে তুলি ধৰা হৈছে। দেখুওৱা হৈছে কিদৰে বিষাদ আৰু চকুপানী সামৰি জীৱনৰ ঘাত-প্ৰতিঘাতৰ সৈতে মোকাবিলা কৰিব পাৰি সাহসেৰে —
”বুকুত জীয়া যাতনা লৈও হাঁহি উঠি যায় বিচিত্ৰাৰ। ৰুক্ম যেন বহুৱাহে। নাৰী সহনশীলা হ’ব পাৰে, যুদ্ধ কৰিবলৈ নিজক প্ৰস্তুত কৰিব জানে। কপালত যি আছে হ’ব সেই ভাবি সময় নষ্ট নকৰে বিচিত্ৰাই। তাই মৰিব নোৱাৰে। ”
চৰিত্ৰসমূহৰ মানসিক সংঘাত, দ্বন্দ্ব-অন্তৰ্দ্বন্দ্বৰ উপৰি হতাশা-নিৰাশাৰ মাজতো বিৰিঙি উঠা প্ৰচুৰ জীৱনমুখীতাই কাহিনীভাগক উজ্বল কৰি তুলিছে। যাৰ বাবে ‘যাতনাৰ পৃষ্ঠা’ কেৱল এটি বেদনাগধুৰ কাহিনী নহৈ সুখ আৰু হেঁপাহৰ কাহিনী হৈ পৰিছে —
”কণ আৰু ফুলক বিশ বছৰে সামৰি থোৱা মৰমবোৰ দিবলৈ যেন বাউলি হৈ পৰিছে তাই। দুখন হাতেৰে দুয়োৰে গাল-মুখ খেপিয়াই ফুৰিছে তাই। দুয়োৰে চকুপানী মচি দিছে তাই। আলফুলে আঁকি দিছে দুয়োৰে কপালত অতবছৰে সামৰি থোৱা চুমা। টোপনি গৈছেগৈ ফুল।… পুৱাই ঢলফাট দিলে। তিনিখন মুখত পোহৰৰ ছিটিকনি। পোহৰ বিয়পিছে গোটেই পৃথিৱীতে। ”
ঔপন্যাসিকাৰ সৰল প্ৰকাশভংগী, সুমধুৰ ভাষা আৰু জীৱনবোধৰ কাহিনীৰে ‘যাতনাৰ পৃষ্ঠা’ পাঠকৰ বাবে নিঃসন্দেহো এখন সুখপাঠ্য উপন্যাস।
যাতনাৰ পৃষ্ঠা
ৰাস্না পালক
পূৰ্বায়ণ প্ৰকাশন

 

যাতনাৰ পৃষ্ঠা
ৰাস্না পালক
JATONAR PRISTHA : AN ASSAMESE NOVEL
WRITTEN BY : RASHNA PALAK
PUBLISHED BY : DR. AMRIT KUMAR UPADHYAY
PUBLICATION : PURBAYON
ISBN : 978-93-92699-74-0
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 104
LANGUAGE : ASSAMESE

JATONAR PRISTHA – NOVEL ...

 128.00

In stock

or
error: Content is protected !!