₹ 200.00 ₹ 170.00
জাল কটা জুই
নয়নজ্যোতি শৰ্মা
JAAL KOTA JUI : A COLLECTION OF SHORT STORIES
WRITTEN BY : NAYANJYOTI SARMA
PUBLICATION : PURBAYON
ISBN : 978-81-960230-1-0
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2022
PAGES : 143
LANGUAGE : ASSAMESE
In stock
অসমীয়া সাহিত্যলৈ নতুন জীৱনৰ বাৰ্তা লৈ অহা এগৰাকী তৰুণ গল্পকাৰৰ বিতোপন গল্পৰ সংকলন
নয়নজ্যোতি শৰ্মাৰ
জাল কটা জুই
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
অসমীয়া গল্পৰ জগতখনলৈ নতুনৰ বাৰ্তা কঢ়িয়াই অনা এগৰাকী তৰুণ গল্পকাৰ নয়নজ্যোতি শৰ্মাৰ এখন বিতোপন গল্প সংকলন ‘জাল কটা জুই’। যিয়ে প্ৰত্যয়েৰে ক’ব পাৰে ‘জীয়াই থকাৰ স্পৃহাতকৈ বেছি গাঢ় আৰু একো ৰং নাই।’ পেচাত চিকিতসক নয়নজ্যোতি শৰ্মাৰ ১৪টা অনুপম গল্পৰ সংকলনখনে অসমীয়া গল্পৰ জগতখনলৈ নতুনত্ব আৰু বৈচিত্ৰ্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। প্ৰথমখন গল্প সংকলনতে গল্পকাৰগৰাকীৰ এখন নিজা জগত উদ্ভাসিত হৈ উঠিছে। গল্পৰ কথনশৈলীৰ কৰ্ষণত তেওঁৰ বিশেষ মনযোগে পঢ়ুৱৈৰ বাবে তেওঁৰ গল্প আগ্ৰহৰ বিষয় কৰি তুলিছে। কেৱল এয়াই নহয়, সন্মোহনী কথকতা আৰু একাধিক গল্পত থকা ফেণ্টাচীধৰ্মী বৰ্ণনাৰ জৰিয়তে এক ছিৰিয়াছ জীৱনবোধক পঢ়ুৱৈৰ চেতনাত ৰোপন কৰিবলৈ সক্ষম হৈছে তৰুণ গল্পকাৰগৰাকীয়ে। জীৱন আৰু জগতক মূল বিষয় হিচাপে লৈ নয়নজ্যোতি শৰ্মাই আৰম্ভ কৰা এই যাত্ৰাই তেওঁৰ সহযাত্ৰী হোৱা প্ৰতিগৰাকী পঢ়ুৱৈকে শিহৰিত কৰি তুলিব, অন্তৰ জয় কৰিব।
প্ৰথমখন গল্প সংকলনেই এগৰাকী লেখৰ গল্পকাৰ হিচাপে প্ৰতিষ্ঠা কৰা নয়নজ্যোতি শৰ্মাই অসমীয়া গল্প সাহিত্যক কিমান গভীৰভাৱে সমৃদ্ধ কৰাৰ সম্ভাৱনাৰে আগুৱাইছে তাক স্পষ্টভাৱে এই সংকলনখনে প্ৰতিফলিত কৰি তুলিছে। যাৰ বাবে সাহিত্যৰসিকৰ বাবে এই সংকলনখন হৈ উঠিছে অনুপেক্ষণীয়।
₹ 160.00 ₹ 128.00
₹ 170.00 ₹ 136.00
© scientiabooks.in an online Book Store in Guwahati, Assam India.