প্ৰসিদ্ধ সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে “হেৰাই পোৱা পৃথিৱী” সম্পৰ্কে কৈছে —
“এখন দুখীয়া মুছলমান গাঁৱৰ মাজত নিজেই যেন বিচৰণ কৰি ফুৰিলোঁ, এনে লাগিল। চৰিত্ৰবোৰেও মন আলোড়িত কৰি থাকে।… নৈপৰীয়া মুছলমান গাঁৱৰ সজীৱ চিত্ৰায়ন আৰু গাঁৱৰ মানুহৰ জীৱনৰ সংগ্ৰাম, জীৱন-দ্বন্দৰ মৰ্মস্পৰ্শী আৱেদনে পাঠকক মুগ্ধ কৰি ৰাখে। সহজ আৰু স্বাভাৱিক প্ৰকাশভংগীয়ে উপন্যাসখনক অনন্য কৰি তুলিছে।”
অৰ্থনৈতিকভাৱে অনগ্ৰসৰ এখন মুছলমান গাঁৱৰ হৃদয়স্পৰ্শী কাহিনী আব্দুচ ছামাদৰ “হেৰাই পোৱা পৃথিৱী”। প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
“এবছৰমান আগৰ কথা এটা নাজীৰ মনলৈ আহিল। সিহঁতৰ ছয় বিঘা মাটি আছিল খৰচিমাৰীৰ ফালে। খৰচিমাৰীৰ লগত সেইডোখৰ এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত। ”
হোজা আৰু সৰল মানুহবোৰৰ জীৱন আৰু জীৱিকাৰ যুঁজখনৰ বাস্তৱ চিত্ৰায়ণ এই উপন্যাস। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বিধ্বস্ত কৰা গাঁৱৰ মানুহবোৰৰ দুঃখ-দুৰ্দশা, আশ্ৰয় বিচাৰি হাবাথুৰি খোৱা মানুহবোৰৰ চিৎকাৰ অথবা ভোক আৰু ভাগৰত পিষ্ট মানুহবোৰৰ জীৱনৰ কৰুণ গাথা এই “হেৰাই পোৱা পৃথিৱী”।
উদয়াস্ত শ্ৰমৰ বিনিময়তো সুখৰ মুখ নেদেখা এই মানুহবোৰৰ দৈনন্দিন জীৱনৰ বাস্তৱ চিত্ৰ এখন বৰ সাৱলীলভাৱে উপন্যাসখনত অংকন কৰা হৈছে। তদুপৰি সৰু সৰু ঘটনাবোৰৰ চিত্ৰায়ণেৰে দেখুওৱা হৈছে তেওঁলোকৰ জীৱনক ক্লান্ত-শ্ৰান্ত কৰি ৰখা হাড়ভগা পৰিশ্ৰম আৰু প্ৰতিনিয়ত জুৰুলা কৰি ৰখা অভাৱ-অনাটনৰ কথা—
“বছৰটোৰ দালি খাবলৈ ভাল চাই এমোন মাটিমাহ বেলেগকৈ থৈ বাকীখিনি জুখি-মাখি বস্তাত ভৰাই ঠিক-ঠাক কৰি থওঁতে ৰাতি প্ৰায় দুপৰেই হ’ল। দোকমোকালিতে আকৌ বস্তাবোৰ কঢ়়িয়াই নাৱলৈ নিব লাগিব। দুপাৰৰ পৰা শুকাই খীণাই ঠেক হৈ পৰা মাঘ মাহৰ চম্পাৱতী বেঁকা বেঁকি সুঁতিয়েদি বোজাই নাওখন বাই উজুৱাই লৈ যাব লাগিব। বেছ খাটনি হ’ব। ”
গোটেই কাহিনীভাগক এক কাৰুণ্যই আৱৰি ৰাখিছে যদিও সেই কাহিনীৰ বাহক চৰিত্ৰবোৰৰ হাঁহি, আশা, হেঁপাহ আৰু সপোনো বহুসময়ত সহচৰ হৈ উঠিছে। গতিকে ক’ব পাৰি যে, এটি মন পৰশি যোৱা গতিশীল কাহিনীৰ লগতে ঔপন্যাসিকৰ সহজ-সৰল ভাষা তথা চৰিত্ৰসমূহৰ সুন্দৰ উপস্থাপনে উপন্যাসখনক আকৰ্ষণীয় কৰি তুলিছে। ড০ লক্ষ্মীনন্দন বৰাৰ ভাষাত—
“আব্দুচ ছামাদ এজন অত্যন্ত শক্তিশালী লেখক। তেওঁৰ ‘হেৰাই পোৱা পৃথিৱী’ নামৰ উপন্যাসখন সমগ্ৰ অসমীয়া সাহিত্যতে ব্যতিক্ৰমী উপন্যাস হ’ব এইকাৰণেই যে মুছলমান কৃষক জীৱন ইমান জীৱন্তভাৱে কোনেও দাঙি ধৰা নাই। আমাক এনে বিষয়বস্তুৰ আৰু উপন্যাস লাগে। ”
উপন্যাসখন পঢ়়ি পাঠকসকলেও নিশ্চিতভাৱে একে কথাই উপলব্ধি কৰিব।
হেৰাই পোৱা পৃথিৱী
আব্দুচ ছামাদ
পূৰ্বায়ণ প্ৰকাশন

 

হেৰাই পোৱা পৃথিৱী
আব্দুচ ছামাদ
HERAI POWA PRITHVEE : A SOCIAL NOVEL
WRITTEN BY : ABDUS SAMAD
PUBLICATION : PURBAYON
ISBN : 978-93-92699-39-9
দ্বিতীয় প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 207
LANGUAGE : ASSAMESE

HERAI POWA PRITHVEE – SO...

 192.00

In stock

or
error: Content is protected !!