সৰ্পদংশন আৰু অসমৰ গ্ৰাম্যাঞ্চলত ইয়াৰ চিকিৎসা সম্পৰ্কীয় বিৰল অভিজ্ঞতা আৰু বাস্তৱ কাহিনীৰে এজন আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসকে লিখা তথ্যসমৃদ্ধ আৰু সুখপাঠ্য গ্ৰন্থ
ডাঃ সুৰজিৎ গিৰিৰ
সাপ আৰু আমি
দাম : ২৭০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
আজিয়েই সংগ্ৰহ কৰক
এগৰাকী খ্যাতিমান অথচ সাধাৰণ মানুহৰ কাৰণে নিজক উৎসৰ্গা কৰা চিকিৎসক ডাঃ সুৰজিত গিৰিৰ ‘সাপ আৰু আমি’ গ্ৰন্থখন বিভিন্ন দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ৷ সাপক লৈ আমাৰ সমাজত বিভিন্ন বিশ্বাস প্ৰচলিত হৈ আছে৷ বিভিন্ন ভ্ৰান্ত ধাৰণাও আছে, লোকবিশ্বাস আৰু কিংবদন্তীতো আছে সাপ৷ বিভিন্ন সময়ত অসংখ্য মানুহ সৰ্পদংশনৰ বলি হৈছে৷ বহুতৰ মৃত্যুও হৈছে৷ ইয়াৰ মূল কাৰণেই হৈছে সচেতনতাৰ অভাৱ আৰু বিভিন্ন ভ্ৰান্ত ধাৰণা৷ অসমৰ দৰে অৰণ্যঘন ঠাইত বিশেষকৈ গ্ৰামাঞ্চলৰ বাসিন্দাই সাপৰ সৈতে একপ্ৰকাৰ সহাৱস্থান কৰিবলগীয়া হয়৷ সেয়েহে ইয়াৰ বিষয়ে সচেতনতা থকাও অতি জৰুৰী৷ ডাঃ গিৰিৰ এই গ্ৰন্থই সাপ সম্পৰ্কীয় বিভিন্ন তথ্য আৰু সত্যৰ উদ্ভাসনেৰে এই গ্ৰন্থখনক গুৰুত্বপূৰ্ণ কৰি তুলিছে৷ বিভিন্ন ৰোগীৰ বাস্তৱ কাহিনীৰ মাজেদি গৈ তেওঁ দিছে ব্যৱহাৰিক জীৱনৰ গুৰুত্বপূৰ্ণ শিক্ষা৷
প্ৰকৃতি বা সৰ্প বিষয়ক গ্ৰন্থ বুলিয়েই নহয়, এই গ্ৰন্থখনক এখন অতি গুৰুত্বপূৰ্ণ জীৱন বিষয়ক গ্ৰন্থ আখ্যা দিয়াহে যুগুত৷ এই গ্ৰন্থই বহু জৰুৰীকালীন পৰিস্থিতিত মানুহৰ জীৱন ৰক্ষকৰো যে ভূমিকা পালন কৰিব সেয়া নিশ্চিত৷

সাপ আৰ আমি
ডাঃ সুৰজিত গিৰি
সম্পাদনা : পৰেশ হাতীমূৰীয়া
HAP ARU AMI : A BOOK ON SNAKE BITE AWARENESS
WRITTEN BY : DR. SURAJIT GIRI
PUBLICATION : PURBAYON PUBLICATION
ISBN : 978-93-95103-31-2
প্ৰথম প্ৰকাশ : ছেপ্তেম্বৰ, 2022
PAGES : 190
LANGUAGE : ASSAMESE

HAP ARU AMI – BOOK ON SN...

 229.00

In stock

or