২০২২ বৰ্ষৰ ‘মুনীন বৰকটকী সাহিত্য বঁটাপ্ৰাপ্ত’ গল্প সংকলন
উপাসনা শইকীয়াৰ
হালধীয়া জোতা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
নতুনচাম গল্পকাৰৰ ভিতৰত উপাসনা শইকীয়াৰ আত্মপ্ৰকাশক একপ্ৰকাৰ চমৎকাৰ ঘটনা বুলিয়েই চিহ্নিত হোৱাৰ যোগ্য৷ তেওঁৰ প্ৰথমখন গল্প সংকলনতে তেওঁ লাভ কৰিছে ‘মুনীন বৰকটকী সাহিত্য বঁটা’ৰ দৰে উল্লেখযোগ্য স্বীকৃতি৷ এয়া স্বৰূপাৰ্থতে এক উল্লেখনীয় সাফল্য৷ অসমীয়া গল্পলৈ নতুনত্বৰ বাৰ্তা কঢ়িয়াই অনা উপাসনা শইকীয়াৰ গল্পক বিশিষ্ট সাহিত্য সমালোচক ড॰ আনন্দ বৰমূদৈয়ে ‘সম্প্ৰসাৰিত আধুনিকতাবাদী’ আখ্যা দিছে৷ প্ৰথমখন গল্প সংকলনতে তেওঁ বিষয়বস্তু আৰু আংগিক দুয়োটা দিশতে অভিনৱত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷ তেওঁৰ গল্পবোৰে সমাজ, ৰাজনীতি, সাহিত্য, প্ৰেম, জীৱনৰ বিবিধ প্ৰসংগ-অনুষংগক কেতিয়াবা ক’লাজৰ দৰে, কেতিয়াবা একোখন এবষ্ট্ৰেক পেইণ্টিঙৰ দৰে বহুবৰ্ণী ৰূপত প্ৰতিফলিত কৰিছে৷ ১১ টা গল্পৰ সংকলন ‘হালধীয়া জোতা’ই অসমীয়া গল্পকাৰ উপাসনা শইকীয়াৰ প্ৰতিভা আৰু সম্ভাৱনাকে নহয় বৰং অসমীয়া গল্পৰ নতুন সম্ভাৱনাকো প্ৰতিফলিত কৰি তুলিছে৷

২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা প্ৰাপ্ত গল্প-সংকলন উপাসনা শইকীয়াৰ ‘হালধীয়া জোতা’ ইতিমধ্যে পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে।
সমাজ, ৰাজনীতি, সাহিত্য, প্ৰেম, জীৱনৰ বিবিধ প্ৰসংগ-অনুষংগক কেতিয়াবা ক’লাজৰ দৰে, কেতিয়াবা একোখন এবষ্ট্ৰেক্ট পেইণ্টিঙৰ দৰে বহুবৰ্ণী ৰূপত প্ৰতিফলিত হোৱা ‘হালধীয়া জোতা’ৰ গল্পসমূহে পাঠকক নিশ্চিতভাৱে আমোদ দিয়াৰ লগতে চিন্তাৰ খোৰাক যোগাব।
লেখকৰ প্ৰথম গল্পপুথিখনৰ সন্দৰ্ভত বিশিষ্ট সাহিত্যিক-সমালোচক ড০ আনন্দ বৰমুদৈৰ মন্তব্য প্ৰদান কৰিছে —“… আধুনিকতা, নিঃসংগতা, বিষণ্ণতা, বিচ্ছিন্নতা, জীৱনৰ অৰ্থ আৰু উদ্দেশ্যহীনতা আদিক গতানুগতিক গল্প ৰূপত প্ৰকাশ কৰিব নোৱাৰি বুলি ভবাৰ কাৰণে আমাৰ আধুনিকতাবাদী আৰু উত্তৰ-আধুনিকতাবাদী গল্পকাৰে গল্পৰ শিল্পৰূপলৈ পৰিৱৰ্তন আনিছিল। উত্তৰ আধুনিকতাবাদ যিহেতু আধুনিকতাবাদৰ সম্প্ৰসাৰণ আৰু প্ৰতিৰোধ, গতিকে উপাসনা শইকীয়াৰ গল্পক কৌশল আৰু বিষয়ৰ ফালৰ পৰা সম্প্ৰসাৰিত আধুনিকতাবাদী বুলি আলোচনা কৰিব পাৰি। ”

HALADHIYA JOTA – COLLECY...

 170.00

In stock

or
error: Content is protected !!