“এই যে চাহৰ কাপটো টেবুলখনতে থৈ ছোৱালীজনীয়ে সদায় প্লেটখন লগতে লৈ গৈছিল, সেই কথাটো মোৰ বাবে নুবুজা সাঁথৰ আছিল। মই আন ক’তো এনে কাৰবাৰ দেখা নাছিলোঁ। চাহকাপৰ লগত বাৰু কোনোদিনেই বিস্কুটৰ সাধাৰণ টুকুৰা এটাও নাছিল সত্য, কিন্তু সেইবুলিয়েই প্লেটখনৰ বুকুৰ পৰা কোনোবাই চাহৰ কাপ এটাক বিচ্ছিন্ন কৰি থৈ যায়নে? ”
পূৰ্বায়ণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত প্ৰজ্ঞানজ্যোতিৰ ‘ফুটুকীয়া কাপ’ অগতানুগতিক উপস্থাপনেৰে ভিন্নস্বাদৰ এটি গল্প সংকলন। ইয়াত সন্নিৱিষ্ট মুঠ ১৪ টি গল্পৰ বিষয়বৈচিত্ৰ্য গ্ৰন্থখনৰ এটি আকৰ্ষণীয় দিশ। ‘আগকথা’ত গল্পকাৰে কৈছে—
“… এই গল্পসমূহ গল্পৰ কোনো সূত্ৰক আশ্ৰয় কৰি লিখা নাই। লিখিবলৈ বহি কোনো পৰীক্ষা-নিৰীক্ষাৰো আশ্ৰয় লোৱা নাই। কলা-কৌশলৰ প্ৰতিও ধ্যান দিয়া নাই। নিজে জী থকা সমাজখনৰ কিছুমান ঘটনা-পৰিঘটনাই মন মগজুলৈ কঢ়িয়াই অনা ভাবনা দুৰ্ভাবনা কিছুমানক পোনপটীয়া ভাষাৰে ক’বৰ প্ৰয়াস কৰিছোঁ মাত্ৰ। ”
সঁচা অৰ্থতেই গল্পসমূহৰ মাজত এই ধৰণৰ সৰলতা আৰু অকৃত্ৰিম প্ৰকাশভংগী বিদ্যমান। গল্পকাৰৰ স্বতঃস্ফূৰ্ত ভাব-ভাষা তথা কাহিনীৰ স্বাভাৱিক গতিময়তা প্ৰতিটো গল্প পঠনতে অনুভূত হয়। নিঃসন্দেহে এই বৈশিষ্ট্যই গল্পসমূহক অনন্য প্ৰদান কৰিছে।
সমাজৰ ফোঁপোলা আৰু অন্তঃসাৰশূন্য স্বৰূপটোৰ সাৰ্থক চিত্ৰণ গল্পসমূহৰ আন এক বিশেষত্ব। মানৱীয় প্ৰমূল্য আৰু মূল্যবোধৰ প্ৰসংগকো সচেতনভাৱে গল্পসমূহত ঠাই দিয়া হৈছে। প্ৰাঞ্জল ভাষা, সৰল বৰ্ণনা তথা অজটিল উপস্থাপনশৈলীৰে জীৱনৰ বৰ্ণময় কাহিনী ক’ব বিচৰা ‘ফুটুকীয়া কাপ’ৰ গল্পকেইটিয়ে পাঠকক মুগ্ধ কৰিব।
ফুটুকীয়া কাপ
প্ৰজ্ঞানজ্যোতি
পূৰ্বায়ণ প্ৰকাশন

 

ফুটুকীয়া কাপ
প্ৰজ্ঞান জ্যোতি
FUTUKIYA CUP : A COLLECTION OF SHORT STORIES
WRITTEN BY : PRAGYANJYOTI
PUBLICATION : PURBAYON
ISBN : 978-93-92699-65-8
প্ৰথম প্ৰকাশ : ডিচেম্বৰ,2021
PAGES : 198
LANGUAGE : ASSAMESE

FUTUKIYA CUP – SHORT STO...

Original price was: ₹ 220.00.Current price is: ₹ 176.00.

In stock

or
error: Content is protected !!