বহুচৰ্চিত কবি নীলিম কুমাৰ এনেয়ে নীলিম কুমাৰ হোৱা নাই। আমি দেখি থকা, পাই থকা, উপলব্ধি কৰা কবিগৰাকীক তিলতিলকৈ গঢ়িছে তেওঁৰ সমাজ জীৱনৰ প্ৰেক্ষাপট আৰু জীৱনৰ অভিজ্ঞতাসমূহে। ‘এটা বনৰীয়া সপোনৰ অন্ধযাত্ৰা’ নীলিম কুমাৰৰ আত্মজৈৱনিক উপন্যাস। তেওঁ সন্মুখীন হোৱা নিৰ্মম অভিজ্ঞতাসমূহ অংকিত হৈছে সেই নিৰ্মম ৰূপতেই। তেওঁৰ অকপট ভাষাই আমাৰ মহাজীৱনৰ উপলব্ধিসমূহক জোকাৰি যায়। দেখা গৈছে নীলিম কুমাৰৰ আত্মজৈৱনিক স্বীকাৰোক্তিসমূহ আমাৰ জীৱনৰো সমালোচনা। এই উপন্যাসৰ জৰিয়তে তেওঁ আমাক এনে এখন কৰুণ জগতৰ সৈতে পৰিচয় কৰাই দিছে, যাক কঢ়িয়াই ফুৰিবলৈ আমি অনিচ্ছুক। এই কথা কৈ থোৱাটো উচিত হ’ব যে নীলিম কুমাৰৰ গদ্যৰ ভাষা আৰু ইংগিতসমূহক চিনি পাবলৈ কবি তথা ঔপন্যাসিকগৰাকীৰ সমানেই পঢ়ুৱৈগৰাকীও হ’ব লাগিব সংবেদনশীল। কাৰণ তেওঁৰ অন্তৰস্পৰ্শী আৰু স্পৰ্শকাতৰ কবিতাসমূহৰ আত্মাও নিহিত হৈ আছে এই উপন্যাসখনৰ পাতে পাতে।
ভাব হয়, অসমীয়া ভাষাত এনেকুৱা এখন উপন্যাস লিখাটো কেৱল নীলিম কুমাৰৰ বাবেহে সম্ভৱ।
#এটা_বনৰীয়া_সপোনৰ_অন্ধযাত্ৰা
নীলিম কুমাৰ

এটা বনৰীয়া সপোনৰ অন্ধযাত্ৰা
নীলিম কুমাৰ
ETA BANARIYA SAPONAR ANDHAJATRA : A NOVEL IN ASSAMESE BY : NILIM KUMAR
PUBLISHED BY : AANK BAAK
PUBLICATION : AANK BAAK
ISBN : 978-93-90610-00-6
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 240
LANGUAGE : ASSAMESE

ETA BANARIYA SAPONAR ANDHAJATR...

 212.00

In stock

or