একচল্লিশ
পূৰ্বায়ণ প্ৰকাশিত এই বছৰৰ এখন উল্লেখযোগ্য গল্প সংকলন হৈছে মল্লিকা হাজৰিকাৰ ‘একচল্লিশ’৷ অসমীয়া গল্প সাহিত্যত মল্লিকা হাজৰিকা ইতিমধ্যেই স্বপৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ একচল্লিশ গল্পকাৰৰ দ্বিতীয় গল্প সংকলন৷ পাঁচ বছৰৰ বিৰতিৰ পাছত প্ৰকাশিত এই সংকলনখনৰ প্ৰতিটো গল্পৰে আছে সুকীয়া বিশেষত্ব৷ প্ৰতিটো গল্পই নিজা নিজা পৰিচয়েৰে সমুজ্জ্বল হৈ ধৰা দিছে৷ প্ৰতিটো গল্পৰে প্ৰেক্ষাপট ভিন্ন৷ আংগিকো চকুত লগাকৈ সাল-সলনি কৰিছে গল্পকাৰে৷ কেতিয়াবা চৰিত্ৰ, কেতিয়াবা ঘটনা, কেতিয়াবা মাথোঁ অনুভূতি, আৱহ আৰু পৰিমণ্ডলৰ ভিন্নতাই গল্পসমূহক কৰি তুলিছে অতি আকৰ্ষণীয়৷ গল্পকাৰে নিজেই কৈছে যে, এই গল্পবোৰৰ কাহিনীবোৰ হৈছে জীৱনৰ কাহিনী৷ কিন্তু লেখিকাৰ জীৱনৰ কাহিনী নহয়, বৰং সমূহৰ জীৱনৰ কাহিনী৷ মল্লিকা হাজৰিকাৰ নিপোটল গল্পবোৰৰ মাজত নিজৰ জীৱনৰ কোনোবাটো অধ্যায়ক, কোনোবাটো কাহিনীক বিচাৰি উলিয়াবলৈ আপুনি ‘একচল্লিশ’ পঢ়িবই লাগিব৷
একচল্লিশ
মল্লিকা হাজৰিকা
পূৰ্বায়ণ প্ৰকাশন

EKSALLISH – A COLLECTION...

 144.00

In stock

or
error: Content is protected !!