“আকাশলৈ চাই আছে সিহঁতে
টানি আনিব পাৰি নেকি চিলাখন
চকুপানীৰ সূতাৰে বাৰু
সপোনৰ চিলাবোৰ সিহঁতৰ এদিন
তেনেকৈয়ে যাব নেকি ছিঙি
কোনো কাৰণেই এইবোৰ নাপায় ঢুকি”
“লুটফা হানুম ছেলিমা বেগমৰ ‘বতাহত তৰাৰ আখৈ ফুটিছে’ সাম্প্ৰতিক অসমীয়া কবিতা-ক্ষেত্ৰলৈ এক উল্লেখনীয় সংযোজন।… কেইবাটাও বিষয়-ক্ষেত্ৰ সামৰি মানৱীয়তাৰ ভেটি আৰু প্ৰকৃতিক আধাৰ হিচাবে লৈ লিখা এই কবিতাসমূহে আমাক সমাজ-সংস্কৃতিৰ লগতে জীৱন-শৈলীৰ লগত জড়িত গুৰুত্বপূৰ্ণ কথাবোৰ কাব্যিক-ফ্ৰেমৰ মাজেৰে চোৱাৰ বাট দেখুৱাইছে।পঢ়ুৱৈ সমাজে নিশ্চয়কৈ এঅ সংকলনৰ মাজত আমাৰ সাম্প্ৰতিক অনুভৱ আৰু অভিজ্ঞতাক চাব পাৰিব। “—-বিভাস চৌধুৰী
“নাঁৱৰ কলহৰ তলিৰ ফুটা মথাউৰিৰ ফুটা
পুৰণি কাপোৰৰ ফুটা বেৰৰ ফুটা
কোনোটো ফুটাই সঁকিয়ায় কোনোটোৱে ডুবায়
ফুটা কপালে কিন্তু কন্দুৱায়। ”
কবিগৰাকীৰ কবিতাৰ ভাষা আৰু আকৰ্ষণীয় গুণ সম্পৰ্কে প্ৰভাত বৰাই কৈছে —
“… লুটফাৰ কবিতাই মোক আটাইতকৈ বেছি আকৰ্ষণ কৰে। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাও মই ভাল পাওঁ। কিন্তু লুটফাৰ কবিতাৰ নিচিনা ‘ফেমিনিন্’ গুণসম্পন্ন কবিতা আগতে কেতিয়াও পঢ়ি পোৱা নাই। তাতে লখিমপুৰীয়া ভাষাৰ মাধুৰ্যই লুটফাৰ কবিতা-লাৱণ্য আৰু চৰাই তুলিছে। ”
বতাহত তৰাৰ আখৈ ফুটিছে
লুটফা হানুম ছেলিমা বেগম
পূৰ্বায়ণ প্ৰকাশন

 

বতাহত তৰাৰ আখৈ ফুটিছে
লুটফা হানুম ছেলিমা বেগম
A COLLECTION OF ASSAMESE POEMS
WRITTEN BY LUTFA HANUM SALIMA BEGUM
PUBLICATION : PURBAYON
ISBN : 978-93-92699-05-4
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 61
LANGUAGE : ASSAMESE

BOTAHOT TORAR AKHOI PHUTISE &#...

Original price was: ₹ 140.00.Current price is: ₹ 112.00.

In stock

or
error: Content is protected !!