“… নৈৰ পাৰত গোট খোৱা মানুহবোৰে গুলীৰ শব্দ শুনা পাই আকাশখন সিহঁতৰ মূৰৰ ওপৰত তাচপাতৰ ঘৰৰ দৰে হুৰমূৰকৈ ভাগি পৰা যেন পালে। ভৰিৰ তলৰ মাটিও যেন সিহঁতে খেপিয়াই পোৱা নাই। যেন সিহঁতক শূন্যত ওলোমাই থৈ দ গাঁতত পিছলি পৰি গৈছে পৃথিৱীখন।… ”
২০০৬ বৰ্ষৰ মুনীন বৰকটকী বঁটাপ্ৰাপ্ত উপন্যাস আব্দুচ চামাদৰ ‘বৈ যায় চম্পাৱতী’ৰ দ্বিতীয়টি সংস্কৰণ প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
চৰ-চাপৰিবাসী এচাম নিচলা মানুহৰ জীৱনৰ মৰ্মন্তুদ কাহিনী ‘বৈ যায় চম্পাৱতী’ৰ বিষয়ে ড০ হীৰেন গোহাঁয়ে কৈছে—
“চম্পাৱতীৰ সোঁতৰ দৰেই চৰিত্ৰবোৰে আৰু লেখকে যেন জীৱনটো দেখিছে। —তাৰ উদাৰ দাক্ষিণ্য, মমতা আৰু তাৰ মাজেৰেই নিৰৱচ্ছিন্ন জীৱনৰ প্ৰবাহ। ”
উপন্যাসখনত হৃদয়স্পৰ্শী ৰূপত অংকিত হৈছে অৱহেলিত মানুহখিনিৰ জীৱনৰ দৰিদ্ৰতা আৰু জীৱন-সংগ্ৰামৰ কৰুণ ছবি। প্ৰতিটো খোজতে বাধা-বিঘিনি, লাঞ্ছনা সহিও তেওঁলোকে এই ভূমিৰ বায়ু-পানীৰ সৈতে একাত্ম হৈ উঠিছে; অথচ পদে-পদে তেওঁলোক অপমানিত। এইচাম নিঃস্ব মানুহৰ অবৰ্ণনীয় দুঃখ- যন্ত্ৰণাৰ জীয়া ছবি—“বৈ যায় চম্পাৱতী’।
নৈপৰীয়া মানুহবোৰৰ চম্পাৱতীৰ সৈতে গঢ়ি উঠা প্ৰেম, আত্মীয়তা আৰু আন্তৰিকতাৰ কথাও ঔপন্যাসিকে বৰ মন-পৰশাকৈ দাঙি ধৰিছে; লগতে নৈখনৰ সৌন্দৰ্যও—
“… বহাগ পৰোঁতেই চম্পাৱতী চঞ্চলা হৈ উঠিব। জেঠৰ পৰা ই লভিবলৈ ধৰিব যৌৱন। দুপাৰ ওপচাই তীব্ৰ বেগেৰে বোৱা চম্পাৱতী হৈ পৰিব তেতিয়া অপৰূপা। চম্পাৱতীৰ আকৰ্ষণ বাঢ়িব। পাৰৰ গাঁৱৰ মানুহবোৰে ইয়াৰ প্ৰেমত পৰিব।… ”
ড০ ৰেণুকা দেৱী বৰকটকীয়ে উপন্যাসখনৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে এনেদৰে—
“… উপন্যাসখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ দিশটো হৈছে, এখন বিশেষ নিপীড়িত সমাজৰ এচাম মানুহৰ অস্তিত্বক যি এক সংকটাপন্ন পৰিস্থিতিয়ে মূলাঘাত কৰিছে তাৰ এক নিৰ্ভীক বস্তুনিষ্ঠ বৰ্ণনা। কাহিনীৰ ভাষা আৰু ব্যঞ্জনাৰে যুক্তি আৰু বাস্তৱ সত্যক নিৰ্মোহ আৰু দ্বিধাহীনভাৱে দাঙি ধৰিছে। ”
‘বৈ যায় চম্পাৱতী’ উপন্যাসখনৰ সংবেদনশীলতাই পাঠকক নিশ্চিতভাৱে আৱেগিক আৰু মুগ্ধ কৰি তুলিব।
বৈ যায় চম্পাৱতী
আব্দুচ ছামাদ
পূৰ্বায়ণ প্ৰকাশন

BOI JAI CHAMPAWATI – SOC...

 162.00

In stock

or
error: Content is protected !!