“জয়ন্ত হাজৰিকাৰ গীত তেওঁ শুনিছেনে নাই মই নাজানো। কিন্তু মোৰ সেই প্ৰিয় গীত —‘সাৰ পাম মই পুৱতি নিশাতে’… ৰ কথাংশ যেন প্ৰদীপ কুমাৰৰ দৰে মানুহবোৰৰ বাবেই লিখা হৈছিল। সমাজৰ অৱহেলাৰ সন্মুখীন হ’ব বুলিয়েই বহুলোকে নিজৰ ৰোগ লুকুৱাই ৰাখে। তেওঁৰ মতে এইচ আই ভিয়ে এজন ব্যক্তিক হত্যা নকৰে। হত্যা কৰে সমাজেহে। তেওঁৰ যুদ্ধ কেৱল এইডছৰ বীজাণুৰ বিৰুদ্ধে নহয়, তেওঁৰ যুদ্ধ মানুহৰ মানসিকতাৰ বিৰুদ্ধে। ”
কেইবাটিও মন পৰশা আত্মভাষণমূলক প্ৰবন্ধৰ সংকলন “বগলী সূতাৰ চাদৰখন” প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে। লেখিকা ড০ গীতালী শইকীয়াৰ বাস্তৱ অভিজ্ঞতাসমৃদ্ধ গ্ৰন্থখনৰ সন্দৰ্ভত বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যই মতামত আগবঢ়াইছে এনেদৰে—
“.. প্ৰবন্ধসমূহ ড০ শইকীয়াৰ অধ্যয়নশীলতা, মননশীলতা, বাস্তৱ অভিজ্ঞতা, সমাজ-জীৱন সচেতনতা তথা সমাজহিতৈষিতা আৰু আদৰ্শ দৃষ্টিভংগীৰ পৰিচায়ক।…
সমাজখন কিদৰে আনন্দময় আৰু মধুময় কৰি তুলিব পাৰি, যথাৰ্থ উদাহৰণসহ, সেই বিষয়ে আলোচনা কৰি ড০ শইকীয়াই পাঠকসকললৈ নানান হিতকৰ উপদেশ-নিৰ্দেশ আগবঢ়াইছে।…
ড০ গীতালী শইকীয়াৰ কোনো কোনোটো প্ৰবন্ধৰ আৰম্ভণি আকস্মিক, আৰু কোনোটোৰ পোনপটীয়া। সেইদৰে বিন্যাসৰীতিও কোনোটোৰ বিশ্লেষণাত্মক আৰু কোনো কোনোটোৰ বৰ্ণনামূলক। কল্পনা আৰু আৱেগক আয়ত্তাধীন কৰি সুসংবদ্ধভাৱে লিখা হেতুকেই কোনোটো প্ৰবন্ধই বিক্ষিপ্ত হোৱা নাই।…
পুথিখনত সন্নিৱিষ্ট প্ৰবন্ধসমূহৰ মূল্য দুই প্ৰকাৰৰ—নান্দনিক মূল্য আৰু সামাজিক মূল্য। এই দুই প্ৰকাৰ মূল্যৰে ঋদ্ধ হোৱা বাবে পুথিখনে লাভ কৰিছে অনন্য মাত্ৰা। ”
গ্ৰন্থখনৰ আন এক আকৰ্ষণীয় দিশ হৈছে লেখিকাৰ সহজ-সৰল আৰু সংবেদনশীল ভাষা; যিয়ে প্ৰবন্ধসমূহক আকৰ্ষণীয় কৰি তুলিছে—
“… নৈক ভাল পোৱা মানুহবোৰে কেতিয়াও নৈক পাহৰিব নোৱাৰে। কাৰণ তেওঁলোকে নৈখন বুকুতে কঢ়িয়াই লে ফুৰে।
নৈৰ প্ৰেমিকা প্ৰিয়ংকাক ক’ব খুজিও মই ৰৈ গ’লোঁ যে, মহানগৰীৰ ব্যস্ততাৰ মাজতো মোৰ হৃদয়ে আলি-আই-লৃগাঙৰ নিশাটোৰ সেই শীতল নদীখনক বিচাৰি মাজে মাজে মোক আকুল কৰে। নৈক ভাল নোপোৱাকৈ ময়ো থাকিব নোৱাৰোঁ। ”
গ্ৰন্থখনত সন্নিৱিষ্ট সৰস প্ৰবন্ধসমূহে পাঠকক আমোদ দিয়াৰ লগতে চিন্তাৰ খোৰাকো যোগাব।
বগলী সূতাৰ চাদৰখন
ড০ গীতালি শইকীয়া
পূৰ্বায়ণ প্ৰকাশন

বগলী সূতাৰ চাদৰখন
এখন সংবেদনশীল ডায়েৰী
ড° গীতালি শইকীয়া
BOGOLI SUTAR CHADORKHAN : AN ANTHOLOGY OF PROSE
WRITTEN BY : DR. GITALI SAIKIA
PUBLICATION : PURBAYON
ISBN : 978-93-92699-70-2
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 229
LANGUAGE : ASSAMESE

মায়া এঞ্জেল’ই কৈছিল, ‘‘নিজৰ অভ্যন্তৰত এটা অকথিত কাহিনী বহন কৰি ফুৰাতকৈ ডাঙৰ যন্ত্ৰণা আন একোৱেই নাই৷’’ সংবেদনশীল লেখিকা তথা জ্যেষ্ঠ সাংবাদিক গীতালি শইকীয়াই ঠিক একে ধৰণৰ যন্ত্ৰণা আৰু ক’বলগীয়া বহু কথা বুকুৰ নিভৃত কোণত কঢ়িয়াই লৈ ফুৰে৷ মানুহৰ মাজতেই থাকি ভালপোৱা গীতালি শইকীয়াই নিজৰ অভিজ্ঞতা, জ্ঞান আৰু প্ৰজ্ঞাৰে সমাজ, মানুহ, বিভিন্ন ঘটনা-পৰিঘটনা, সমস্যা আদি বহু বিষয় অতি মনোৰমভাৱে আৰু সহৃদয়তাৰে ডায়েৰীৰ পাতত লিখি আহিছে৷ এই ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাই পঢ়ুৱৈক জীৱন সম্পৰ্কে নতুনকৈ ভাবিবলৈ বাধ্য কৰিব৷
বগলী সূতাৰ চাদৰখন
ড॰ গীতালি শইকীয়া
পূৰ্বায়ণ প্ৰকাশন
দাম ২৮০ টকা

BOGOLI SUTAR CHADORKHAN &#8211...

 224.00

In stock

or
error: Content is protected !!