ভাষাবিজ্ঞান সম্পৰ্কীয় তাত্ত্বিক আলোচনা আৰু অসমীয়া ভাষা বিষয়ক বিভিন্ন দিশ সামৰি এখনি বৃহৎ কলেৱৰৰ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে। #ভাষাবিজ্ঞান_আৰু_অসমীয়া_ভাষা শীৰ্ষক গ্ৰন্থখনত ৫৩ টা ভাষা আৰু অসমীয়া ভাষা বিষয়ক গৱেষণাধৰ্মী লেখা সন্নিৱিষ্ট কৰা হৈছে।
অসমৰ কেইবাগৰাকীও বিশিষ্ট ভাষাবিদ তথা অভিজ্ঞ গৱেষকে লিখি উলিওৱা এই উচ্চ মানবিশিষ্ট প্ৰবন্ধলানিয়ে ভাষাবিজ্ঞান তথা অসমীয়া ভাষাৰ বহুকেইটা গুৰুত্বপূৰ্ণ দিশত বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আলোকপাত কৰিছে।
দুটা ভাগত বিভক্ত সংকলনটিৰ প্ৰথম ভাগত ‘ভাষাবিজ্ঞান’ আৰু দ্বিতীয় ভাগত ‘অসমীয়া ভাষা’ সম্পৰ্কত অৱলোকন কৰা হৈছে। ভাষাবিজ্ঞানৰ নতুন চিন্তাধাৰা, অসমীয়া শিশুৰ দ্বিতীয় ভাষা আহৰণ, বজাৰৰ ভাষা আদিৰ দৰে বিষয়কে আৰম্ভ কৰি ভাষাৰ সৈতে সমাজ, ৰাজনীতি, শিল্প-সাহিত্য, লিংগবাদ আদি প্ৰাসংগিক দিশবোৰ ‘ভাষা’ শিতান সূক্ষাতিসূক্ষ্মভাৱে আলোচনা কৰা হৈছে। অন্যহাতে, ‘অসমীয়া ভাষা’ শিতানত উজনি অসমৰ উপভাষা, কৈৱৰ্ত সম্প্ৰদায়ৰ ভাষা, মুণ্ডাৰী ভাষা, সাঁদৰি ভাষা আদিৰ দৰে কেইবাটাও আঞ্চলিক ভাষা সম্পৰ্কীয় আলোচনাই গ্ৰন্থখনত স্থান পাইছে। তদুপৰি অসমীয়া ভাষা ব্যৱহাৰৰ শুদ্ধতা, বিজ্ঞাপনৰ ভাষা তথা ভাষাটোলৈ অহা প্ৰত্যাহ্বান আৰু সংকট সম্পৰ্কেও গ্ৰন্থখনত গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছে।
দীৰ্ঘদিনীয়া শ্ৰম আৰু প্ৰস্তুতিৰ ফচল এই সংকলনটি নিশ্চিতভাৱে লেখত ল’বলগীয়া ভাষা বিষয়ক আলোচনাগ্ৰন্থ হিচাপে পাঠকৰ প্ৰয়োজন পূৰণ কৰিব।
#ভাষাবিজ্ঞান_আৰু_অসমীয়া_ভাষা
#নিপম_কলিতা, #ভৃগুত্তম_বৰা (সম্পাদক)
#পূৰ্বায়ণ_প্ৰকাশন
#দাম_৭৭৭_টকা
#পৃষ্ঠা_৬৫৬

 

ভাষাবিজ্ঞান আৰু অসমীয়া ভাষা
সম্পাদক : নিপম কলিতা & ভৃগুত্তম বৰা
BHASHABIJNAN ARU ASAMIYA BHASHA
EDITED BY : NIPOM KALITA , BRIGUTTAM BORAH
PUBLISHED BY : DR. AMRIT KUMAR UPADHYAY
PUBLICATION : PURBAYON PUBLICATION
ISBN : 978-93-90589-13-5
প্ৰথম প্ৰকাশ : মে’ , 2021

Z BHASHABIJNAN ARU ASAMIYA BHA...

 621.00

Out of stock

error: Content is protected !!