‘ফ্ৰিজিডিটি’ বিষয়ক এখন অনুপম উপন্যাস, অসমীয়া সাহিত্যলৈ নতুন স্বাদ
গীতালি বৰাৰ
বাসনাহীনা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এগৰাকী শক্তিশালী আৰু এক অৰ্থত ভৱিষ্যতৰ গতি নিৰূপণৰ সম্ভাৱনা বহন কৰা লেখিকা গীতালি বৰা। দীঘলীয়া সময় ধৰি নিৰলস আত্মোৎসৰ্গৰে সাহিত্য ক্ষেত্ৰখনৰ সমৃদ্ধিত অৰিহণা যোগাই অহা গীতালি বৰাৰ পৰিচয় গঢ় লৈছিল এগৰাকী গল্পকাৰ হিচাপে। ‘বুদ্ধজায়া’ উপন্যাসেৰে ঔপন্যাসিক হিচাপে পঢ়ুৱৈৰ মাজলৈ আড়ম্বৰপূৰ্ণ আগমন ঘটা গীতালি বৰাই ‘বসনাহীনা’ উপন্যাসখনৰ জৰিয়তে একপ্ৰকাৰ চমৎকাৰ সংঘটিত কৰিবলৈ সক্ষম হৈছে। ‘ফ্ৰিজিডিটি’ৰ দৰে অসমীয়া সাহিত্যত কম চৰ্চিত বিষয় এটাক তেওঁ সুকৌশলী নিপুনতাৰে উপন্যাসৰ পাতলৈ আনিছে। বিশিষ্ট সমালোচক প্ৰভাত বৰাই ইয়াক কবিতা বুলি অভিহিত কৰিছে। কবিতাৰ সমাহিত সৌন্দৰ্য তথা স্বপ্ন আৰু বাস্তৱৰ এক মূৰ্ত বিমূৰ্ততাই উপন্যাসখনক দিছে অনিৰ্বচনীয় ৰূপ। প্ৰখ্যাত সমালোচক ড॰ পৰী হিলৈদাৰীৰ মতে ‘ক’ভিড অতিমাৰীক নেপথ্যত ৰাখি বাসনহীনতাক কেন্দ্ৰীয় ভাব হিচাপে উপস্থাপন কৰৰ ফলত ই মৃত্যু ভয়ৰো দ্যোতক হৈ উঠিছে, যেন বাসনাৰে প্ৰাণৱন্ত জীৱনটো মৃত্যুভয়ক আঁতৰাই ৰাখিবলৈকে জৰুৰী হৈ পৰিছে৷’
এইগৰাকী তাৰকা লেখিকাৰ ‘বাসনাহীন’ৰ পাঠে পঢ়ুৱৈক আশ্বৰ্যকৰ আনন্দ আৰু বেদনাৰ বোধেৰে সিক্ত কৰি তুলিব৷

 

#বাসনাহীনা-ৰ দ্বিতীয় সংস্কৰণ
#সমাজ-ৰাজনীতি আৰু সাহিত্য
#মহিলা-লেখকসকলৰ প্ৰতি ( অনিচ্ছাৰে মহিলা-লেখক বুলিয়েই উল্লেখ কৰিলোঁ‌। নহ’লে কথাখিনি স্পষ্ট নহ’ব। )
ফ্ৰিজিডিটি কি ?
ফ্ৰিজিড নাৰী কোনবিলাক ?
এই বিষয়টো তেতিয়া মই ভালদৰে বুজি পোৱা নাছিলোঁ‌ যেতিয়া দুটা ঘটনাই মোৰ সংবেদনশীল প্ৰাক্ কৈশোৰক জোকাৰি গৈছিল। ( এই দুয়োটা ঘটনাৰ কথা মই #বাসনাহীনা-ৰ উন্মোচনী অনুষ্ঠানত কৈছিলোঁ। )
১। এজন স্বাস্থ্যবান বয়স্ক মানুহ। সৰু লাহী ছোৱালী এজনীক বিয়া কৰাইছিল। খোবাউৰিৰ পাছদিনা পুৱালৈ ন-কইনা হাস্পতালাইজড্ হ’বলগীয়া হয়। ন-কইনাৰ নিম্নাংগত ৭ টা চিলাই পৰাৰ কথা জানিব পাৰিছিলোঁ‌। ( পাছত কিজানি তেওঁ মাকৰ ঘৰলৈ উভতি যোৱাৰ খবৰ পাইছিলোঁ। )
২। এটা বাতৰি পঢ়িছিলোঁ। সম্ভ্ৰান্ত পৰিয়াল এটাৰ বিবাহিত ডেকা যুৱকৰ বিৰুদ্ধে যৌন নিগ্ৰহৰ গোচৰ দিছিল ঘৰখনত কাম কৰা কিশোৰীজনীয়ে। আমাক আচৰিত কৰা কথাটো আছিল, এই কাৰ্যত যুৱকক তেওঁৰ পত্নীয়ে সহায় কৰাটো।
পৰিপক্ক বয়সত এনে ঘটনাৰ লগত আৰু কিছু কাহিনী যোগ হ’ল। অকল্পনীয় আৰু মৰ্মান্তিক কাহিনী। বিষয়টোৰ প্ৰতি নিজৰো আগ্ৰহ বাঢ়িল। মোৰ ২০১৫ চনতে লিখা #অজগৰ শীৰ্ষক গল্প আৰু দ্বিতীয় উপন্যাস #অন্তৰতম-ত ফ্ৰিজিড চৰিত্ৰই ভূমুকিও মাৰিলে। ইয়াৰ পাছতো কিছু সঁ‌চা কাহিনী গোটালোঁ‌। তথ্য গোটালোঁ‌। ভাবিছিলোঁ‌ চিকিৎসা বিজ্ঞানৰ দিশৰ পৰাও কথাবোৰ চাম। Non-fiction লিখিম। নিজৰ আইডিয়াৰে কিছু পেইন্টিং অঁ‌কাম। কবিতা অনুবাদ কৰিম–।
গম পালোঁ‌, ফ্ৰিজিডিটি মূলতঃ মনোবিজ্ঞানৰ লগত জড়িত। বিষয়টোৰ লগত জড়িত কবিতাও আনকি বিশ্ব সাহিত্যত নিচেই কম। তথাপি— ।
যিয়েই নাভাবো, নকৰোঁ‌— মূলতঃ মই এজন সৃজনীশীল লেখক। সেয়ে অৱশেষত সকলো কাহিনী এডাল সূঁ‌তাৰে গাথি পেলালোঁ‌। সঁ‌চাবোৰৰ ওপৰত কল্পনাৰ ডাঠ চামনি পৰিল। পেইন্টিঙৰ আইডিয়া, চিত্ৰশিল্পী বিচাৰি উলিওৱাৰ ইচ্ছা ক’ৰবাতে থাকিল। #বাসনাহীনা এখন উপন্যাস হ’ল। সঁ‌চা কাহিনী এদ’মৰ জঁ‌ট ভাঙি ভাঙি কল্পনাক প্ৰসাৰিত কৰি গৈ থাকিলোঁ‌। ডায়েৰীবোৰ খুলিলোঁ‌। জপালোঁ‌। পুনৰ খুলিলোঁ‌।
( কিন্তু এতিয়াও মই ক’ম– বাস্তৱ কল্পনাতকৈ অধিক মৰ্মান্তিক )
কথা হ’ল #বাসনাহীনা উপন্যাস হিচাপে ভাল নহ’ব পাৰে। লেখক হিচাপে মই ব্যৰ্থ হ’ব পাৰোঁ‌। এই কথা পাঠক-সমালোচকে ক’বই পাৰে।
কিন্তু ইতিমধ্যে অসমীয়াত উপন্যাসৰ নতুন বিচাৰ তথা সংজ্ঞাও আৱিষ্কৃত হৈ গ’ল — কিছুমান বিষয় বিলাসিতা, কিছুমান বাস্তৱ বৰ্জিত । গৌণ সাহিত্য।সাহিত্যমূল্যৰ পৰিৱৰ্তে আন কিছুমান কথাও গুৰুত্বপূৰ্ণ হৈ উঠিল। সাহিত্যৰ ছাত্ৰী আৰু পাঠক হিচাপে মোৰ কিছু ক’বলগীয়া আছে এই বিষয়টোৰ ওপৰতহে।
সাহিত্যৰ পৰা আঁ‌তৰি গৈ প্ৰাচীন আয়ুৰ্বেদ মেলি চালেও আমি দেখোঁ‌ যে শাৰীৰিক-মানসিক স্বাস্থ্যৰ বাবে আহাৰ, নিদ্ৰা আৰু মৈথুন সমানে জৰুৰী ( আহাৰ, নিদ্ৰা, অবহ্মচৰ্য- ত্ৰয়ো উপস্তম্ভ (Three pillers ) । অৰ্থাৎ এজন ব্যক্তিৰ সুস্থতাৰ এটা প্ৰধান উৎস হ’ল সুস্থ যৌন জীৱন।
অনাহাৰত এজন ব্যক্তিৰ যদি মৃত্যু হয়, অনিদ্ৰা আৰু শৰীৰ বাসনাৰ অভাৱে এজন ব্যক্তিৰ শাৰীৰিক অথবা মানসিক স্বাস্থ্যৰ ওপৰততো প্ৰভাৱ পেলাবই। এই কথাটো অস্বীকাৰ কৰিব পাৰি জানো ? ব্যক্তিক বাদ দি সমাজ গঢ় ল’ব কিহেৰে আৰু কোনখিনিৰ পৰা ?
… আৰু এটা কথা, ফ্ৰিজিডিটি আইন মতে বিবাহ-বিচ্ছেদৰ বাবে এটা উপযুক্ত কাৰণ। পোহৰলৈ নাহিলেও ফ্ৰিজিডিটিৰ বাবে হোৱা বিবাহ -বিচ্ছেদৰ সংখ্যাও তেনেই নগণ্য নহয়।
আনহাতে নাৰীবাদী লেখক তথা দাৰ্শনিক Carol Hanisch ৰ ১৯৬৯ চনত প্ৰকাশিত The Personal is Political শীৰ্ষক ৰচনাখনৰ শীৰ্ষক বাক্যটো নাৰীবাদী আন্দোলনৰ দ্বিতীয় ঢৌত যথেষ্ট জনপ্ৰিয় হৈছিল। Radical faminism ৰ অংগ হিচাপে জনপ্ৰিয় হোৱা এই বাক্যাংশ এতিয়াও সাৰ্বিক ভাবে নাৰীবাদ আৰু Women’s studies ৰ ক্ষেত্ৰত চৰ্চিত হৈ আছে।
তাত্ত্বিক আলোচনালৈ একেবাৰে নগৈ এগৰাকী লেখক আৰু সাহিত্যৰ পাঠক হিচাপে এইকেইটা কথা মোৰ ক’বলগীয়া আছিল। ইয়াৰ এটা কাৰণো আছে —-
বহু সময়ত #বিবাহিতা ছোৱালী ( মহিলা বুলি নকওঁ‌) কিছুমান মোৰ সৈতে কথা পাতিবলৈ আহে। পাৰিপাৰ্শ্বৰ পৰা আহৰিত ( অথবা ধৰা হওক নিজৰে) প্ৰেম অথবা শৰীৰ-চেতনাৰ অনুভূতিক তেওঁলোকে সৃজনীশীল সাহিত্যৰ মাজেৰে প্ৰকাশ কৰিবলৈ বিচাৰে। কিন্তু তেওঁ‌লোকৰ সমুখত উত্থাপিত হোৱা প্ৰশ্নবোৰ হ’লঃ মানুহে কি বুলি ক’ব ? যদি মোৰ নিজৰ কথা বুলি ভাবি লয় ? মোৰ in-laws বা হাজবেণ্ডে কি ক’ব ?
( #অন্তৰতম প্ৰকাশৰ সময়ত অতি জমনি, দুখ লগা আৰু মাৰাত্মক প্ৰশ্ন কিছুমানৰ সন্মুখীন মই নিজে হৈছিলোঁ। )
মই তেওঁলোকক এটা উত্তৰেই দিওঁ‌ সদায়– যি অভিজ্ঞতা প্ৰত্যক্ষ বা পৰোক্ষ ভাবে পাৰিপাৰ্শ্বই তোমালোকক দিছে– সেই অভিজ্ঞতাৰ কথা লিখা। সাহসী হোৱা। কেৱল মনত ৰাখিবা লেখাবোৰ যাতে মানসম্পন্ন হয়। আৰু সৃষ্টিশীল সাহিত্যত লেখকৰ ব্যক্তিগত জীৱনক বিচাৰি ফুৰাটো লেখকৰ নহয়, পাঠকৰ দূৰ্বলতা।
নাৰীৰ একান্ত ব্যক্তিগত জীৱন-যাতনা, তেওঁলোকৰ ওপৰত চলা শাৰীৰিক আৰু সামাজিক শোষণ-পীড়নক বাস্তৱ-বিচ্ছিন্ন বুলি কৈ দিয়াটোক কি আখ্যা দিয়া হ’ব মই নাজানো ।
কিন্তু নাৰীৰ শৰীৰে ৰাজনীতিৰ ইতিহাস আৰু বৰ্তমানকো প্ৰভাবিত কৰাৰ অনেক উদাহৰণ আমাৰ সমুখতে আছে। (অৱশ্যে #বাসনাহীনাত এই প্ৰসংগ নাই।)
মোৰ ভাব হয় কেৱল বহিঃপৃথিৱীৰ দৰ্শন আৰু গাথাকে সমাজ-ৰাজনীতি আৰু সাহিত্য তাতেইহে আৱৰ্তিত হ’ব লাগে বুলি বুজাই থাকিলে মনোজগত আৰু শৰীৰ-চেতনাৰ অভিজ্ঞতাৰে সৃষ্টি হ’ব পৰা ভাল কিছুমান সাহিত্যৰ সোৱাদৰ পৰা আমি বঞ্চিত হ’ম।
যিয়েই নহওক, প্ৰিয় পাঠক,আপোনালোকৰ আদৰ আৰু মৰমে এমাহ নহওঁ‌তেই #বাসনাহীনা-ৰ দ্বিতীয় সংস্কৰণৰ ( আক্ষৰিক অৰ্থতে সংস্কৰণ, মুদ্ৰণ নহয়) বাট মুকলি কৰিলে। ন-ৰূপত উপন্যাসখন অচিৰেই পাঠকৰ হাতত পৰিব।
অশেষ ধন্যবাদ। মই কৃতজ্ঞ।???????? Geetali Borah গীতালী বৰা
https://www.facebook.com/geetali.borah

 

বাসনাহীনা
গীতালী বৰা
BASONAHEENA : A NOVEL ON FRIGIDITY
WRITTEN BY : GEETALI BORAH
PUBLICATION : PURBAYON
ISBN : 978-93-95103-16-9
প্ৰথম প্ৰকাশ : আগষ্ট, 2022
PAGES : 206
LANGUAGE : ASSAMESE

BASONAHEENA – GEETALI BO...

 255.00

In stock

or
error: Content is protected !!