চৰ-চাপৰি অঞ্চলত বসবাস কৰা পূৰ্ববংগীয় মূলৰ জনগোষ্ঠীৰ হৃদয়-সংবেদী জীৱন গাথা ‘বাইচাল’। শ্ৰমজীৱী এই মানুহবোৰৰ অন্তৰত পুঞ্জীভূত দুঃখ-যন্ত্ৰণা, অৱজ্ঞা-উপেক্ষা, পদে পদে সন্মুখীন হোৱা তুচ্ছ-তাচ্ছিল্যৰে ভৰা জীৱনৰ কাৰুণ্যক স্পৰ্শকাতৰভাৱে তুলি ধৰা হৈছে উপন্যাসখনত। বেগম আছমা খাতুনৰ ‘বাইচাল’ প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
উপন্যাসখনত জনগোষ্ঠীটোৰ কলা-সংস্কৃতি, ধৰ্ম, পৰম্পৰা, দৈনন্দিন জীৱন তথা ভৌগোলিক পৰিৱেশ আদি দিশবোৰো ঔপন্যাসিকাই অতি সূক্ষ্ম, নিটোল আৰু যথাযথ ৰূপত বৰ্ণনা কৰিছে।
ক’ব পাৰি যে, এই উপন্যাসখন চৰ-চাপৰিবাসী মানুহৰ বেদনাৰ অকথিত-অলিখিত ইতিহাস; যি ইতিহাস নাজানিলে তেওঁলোকৰ ৰুদ্ধ হৈ থকা আৱেগ-অনুভূতিক উপলব্ধি কৰা সম্ভৱ নহয়। কোৱা বাহুল্য যে, বেগম আছমা খাতুনৰ জীৱনৰ বাস্তৱ-অভিজ্ঞতাই উপন্যাসখনক সজীৱতা দান কৰিছে। আগকথাত তেওঁ কৈছে যে—
“… সৰুৰে পৰা দেউতাৰ সৈতে চৰ-চাপৰিলৈ ফুৰিবলৈ যোৱাৰ পৰা বৰ্তমানলৈকে চৰৰ লগত যোগাযোগ থকা বাবে চৰ-চাপৰিৰ মানুহৰ দুঃখ-যন্ত্ৰণা, আনন্দ, অনুভৱ, কলা-সংস্কৃতি, ভৌগোলিক পৰিৱেশ আদিৰ বিষয়ে অৱগত। সেইবোৰৰ উপৰি স্বাধীন-পৰাধীন দেশৰ খণ্ড-বিখণ্ডৰ ইতিহাস, স্বাধীনতাৰ ইতিহাসৰ লগতে অখণ্ড ভাৰতৰ পূৰ্ববংগ বা বেংগল প্ৰেচিডেঞ্চিৰ বিভিন্ন ঠাইৰ পৰা পূবলৈ উজাই আহি অসমৰ বুকুত নিজকে বিলীন কৰি দিয়া লোকৰ কাহিনীকে সমল হিচাপে লৈছোঁ।”
চৰ-চাপৰিবাসীৰ অকথিত-অলিখিত ইতিহাসকে ঔপন্যাসিকাই কাহিনীৰ মাধ্যমেৰে পাঠকৰ সমুখত তুলি ধৰিছে। তদুপৰি চৰিত্ৰসমূহৰ জৰিয়তে নিৰ্যাতিত জনগোষ্ঠীটোৰ ৰুদ্ধ হৈ থকা আৱেগ-অনুভূতিৰ বহিঃপ্ৰকাশ ঘটাবলৈ কৰা প্ৰয়াসে পাঠকক তৃপ্ত কৰাৰ লগতে তেওঁলোকৰ মন আৰু মানসিকতাৰ সৈতে একাত্ম হোৱাৰো সুযোগ দিব।
বাইচাল
বেগম আছমা খাতুন
পূৰ্বায়ণ প্ৰকাশন

 

বাইচাল
বেগম আাছমা খাতুন
BAISAL : AN ASSAMESE NOVEL
WRITTEN BY : BEGUM ASMA KHATUN
PUBLICATION : PURBAYON
ISBN : 978-93-92699-18-4
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 342
LANGUAGE : ASSAMESE

BAISAL – NOVEL WRITTEN B...

 320.00

Out of stock

error: Content is protected !!