Ashimat Jar Heral Seema

অসীমত যাৰ হেৰাল সীমা

Author : Kanchan Baruah কাঞ্চন বৰুৱা

PUBLICATION: JYOTI PRAKASHAN

TWENTY 7TH EDITION: 2019

গৌৰী, উমাতকৈয়ো চম্পা ৰূপৱতী। কমল-নগৰৰ, বকুলপুৰৰ সকলো গাভৰুৰ মাজত চম্পা শ্রেষ্ঠ সুন্দৰী, তাক সকলোৱে জানে। চম্পাই নিজেও জানে, তথাপি তাইৰ ভয় নুগুচে জানোচা কোনোবাই তাইক সেই উচ্চ আসনৰপৰা নমাই দিয়ে। মোৰ কথা শুনি ভেকাহি মাৰি উঠিল- “ইস্ কি মোৰ পানী খোৱা পুখুৰীত বিহ দিলে যে হিংসা কৰিবলৈ যাম? ভেম আছে দেখিহে..। কিন্তু দাদা, দেখিবলৈ হ’লে সঁচাকৈয়ে ধুনীয়া উমা বাইদেউতকৈয়ো বেছি-”
“তোতকৈ একা?”
“ফুঃ!” অলপ গম্ভীৰ হোৱাৰ ভাও ধৰি ক’লে – “অৱশ্যে মোতকৈ দুহাত পাছতে ৰৈছেহি আৰু সদায় ৰৈয়ে থাকিব। গৌৰীয়ে তাক জানে আৰু তাৰ বাবে আশাকৰোঁ দুখো নকৰে- “দাদা, তুমি এটা কাম কৰা৷”
“কি?”
“তুমি গৌৰীক বিয়া কৰোঁৱা, দুয়ো বেছ মিলিবা…”
থাপ মাৰি তাইৰ চুলিকোছাত ধৰিব খুজিছিলোঁ, কিন্তু তাই যিমান ধুনীয়া তাতকৈ ঢেৰ বেছ টেঙৰ। কথাটো কৈয়ে মোৰ ওচৰপৰা আঁতৰি দূৰৈত থিয় দিলে, গতিকে আন পথ ল’লোঁ। তাই কোৱাৰ দৰেই গম্ভীৰ হৈ ক’লোঁ- “দুয়ো বেছ মিলিম চম্পা? কিন্তু মই ভাবিছিলোঁ তোৰ লগতে হে বেছি মিলিম বুলি..”
চম্পাৰ গাল দুখন ৰঙা হৈ উঠিলঃ “ছিঃ ছিঃ দাদা। তোমাৰ যদি লাজ আছে মই যে তোমাৰ ভনী হওঁ, নহ’লে-”
“নহ’লে কি?”
‘নহ’লে কোনো গৌৰীক তোমাৰ ওচৰলৈ আহিবলৈ নিদিলোঁহেঁতেন”
———-

“অসীমত যাৰ হেৰাল সীমা” সকলো বয়সৰে পঢ়ুৱৈয়ে আদৰি লোৱা অতি জনপ্ৰিয় এখন উপন্যাস যিয়ে অসমীয়া সাহিত্যৰ এক নতুন ধাৰাৰ সৃষ্টি আৰু প্ৰচাৰ কৰিছে৷