“… কবিতা এটাই তেতিয়াহে এক প্ৰাণময় ৰূপ লাভ কৰে যেতিয়া এগৰাকী সুকণ্ঠী আবৃত্তিকাৰৰ দ্বাৰা তাক আবৃত্তি কৰা হয়। এগৰাকী ভাল আবৃত্তিকাৰ হ’বলৈ হ’লে ভাল কণ্ঠ থাকিলেই নহ’ব, ভাব প্ৰকাশৰ প্ৰাথমিক কৌশলসমূহৰ বিষয়েও তেওঁৰ জ্ঞান থাকিব লাগিব। সেইবাবে আবৃত্তিৰ বিদ্যায়তনিক চৰ্চাৰ গুৰুত্ব অত্যন্ত বেছি। ” —লেখিকা
এই গুৰুত্ব অনুধাৱন কৰিয়েই কবিতাৰ তাত্ত্বিক দিশসমূহৰ উপৰি আবৃত্তিৰ তাত্ত্বিক প্ৰসংগসমূহ সামগ্ৰিক পৰ্যালোচনাৰে লিখি উলিওৱা হৈছে এখনি মেটমৰা গ্ৰন্থ—‘আবৃত্তিৰ ৰূপৰেখা’। পল্লৱী গগৈ বৰগোহাঁইৰ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
বিশিষ্ট আবৃত্তিকাৰ ভূপোন চক্ৰৱৰ্তীয়ে ‘আবৃত্তিৰ ৰূপৰেখা’ সন্দৰ্ভত মন্তব্য দিছে এনেদৰে—
“… পল্লৱী গগৈ বৰগোহাঁয়ে কাব্য আবৃত্তিকে ধৰি ভাষাৰ খুটি-নাটি কথা সামৰি এখন লাগতিয়াল গ্ৰন্থ লিখি উলিয়াইছে। গ্ৰন্থখনিত কবিতা সম্পৰ্কে লেখিকাই কিছু গুৰুত্বপূৰ্ণ কথা উনুকিয়াইছে।… লেখিকাই আবৃত্তি কেনেকৈ ৰসগ্ৰাহী কৰিব পাৰি সেই বিষয়ে কিছু কথা উল্লেখ কৰিছে। কথাখিনি দৰকাৰী। আবৃত্তিৰ প্ৰতি ইচ্ছুকসকলে কথাখিনি মন দি পঢ়া উচিত। ”
গ্ৰন্থখনিত কবিতাৰ সংজ্ঞা, শ্ৰেণীবিভাজন, উপাদান, অসমীয়া কবিতাৰ ইতিহাস, কবিতাৰ ভাষা, ৰস, ছন্দ আদি কবিতা বিষয়ক তাত্ত্বিক দিশবোৰৰ লগতে আবৃত্তিৰ সংজ্ঞাকে ধৰি অন্যান্য প্ৰায়োগিক প্ৰসংগসমূহ যেনে—আবৃত্তিকাৰৰ গুণ, আবৃত্তিত সুৰ, লহৰ, অভিনয় আদি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। তদুপৰি আবৃত্তিত উচ্চাৰণৰ গুৰুত্ব, শ্বাস-প্ৰশ্বাসৰ সম্পৰ্ক আদি দৰকাৰী বিষয়সমূহৰ উপৰি পৰিশিষ্টত শিশু আৰু জ্যেষ্ঠসকলৰ বাবে আবৃত্তিৰ ব্যৱহাৰিক অনুশীলনৰ সুবিধা হোৱাকৈ নিৰ্বাচিত কবিতা সংযোগ কৰা হৈছে।
ক’ব পাৰি যে, গ্ৰন্থখনে আবৃত্তি শিল্পৰ সৈতে জড়িত তথা আবৃত্তিৰ প্ৰতি আগ্ৰহী সকলোকে সৰ্বতোদিশৰে পৰা সহায় কৰিব।
আবৃত্তিৰ ৰূপৰেখা
পল্লৱী গগৈ বৰগোহাঁই
পূৰ্বায়ণ প্ৰকাশন

আবৃত্তিৰ ৰূপৰেখা
পল্লৱী গগৈ বৰগোহাঁই
প্ৰকাশক : পূৰ্বাঞ্চল প্ৰকাশ
প্ৰথম প্ৰকাশ : 2019
ISBN : 978-81-7213-378-8
Abrittir Ruprekha : A book on recitation, written by Pallabi Gogoi Borgohain
Published by : Purbanchal Prakash
1st Edition : 2019

Abrittir Ruprekha আবৃত্তিৰ ৰূপ...

 136.00

In stock

or
error: Content is protected !!