তীৰ্থনাথ শৰ্মা (ইংৰাজী: Tirtha Nath Sharma) একাধাৰে সু-সাহিত্যিক, সফল শিক্ষাবিদ আৰু সংস্কৃতৰ বিদগ্ধ পণ্ডিত, সমালোচক, গল্পকাৰ,কবি, জীৱনী লেখক, শিশু সাহিত্যিক, সাংবাদিক আৰু ভাৰতত্ববিদ আছিল৷শৰ্মাদেৱে প্ৰায় কুৰি খন উচ্চ প্ৰশংসিত গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। ছাত্ৰ অৱস্থাৰ পৰাই স্বদেশী আন্দোলনত যুক্ত শৰ্মাদেব কলিকতাৰ এ এচ এল ক্লা, গান্ধী সাহিত্য পৰিষদ, বিশ্বহিন্দু পৰিষদ আদিৰ সক্ৰিয় সদস্য আছিল। শৰ্মা দেৱে কামধেনু নামৰ এখন আলোচনীও সম্পাদনা কৰিছিল। তেওঁ ১৯৯৬ চনত বেনুধৰ শৰ্মা গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। গান্ধীজীৰ আদৰ্শ আৰু জীৱন দৰ্শনৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছিল৷ সেয়ে ১৯২৯ চনত শৰ্মাদেৱে মহাবিদ্যালয় ত্যাগ কৰি মহাত্মাগান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত গঢ়ি উঠা আইন অমান্য আন্দোলনত সক্ৰিয় অংশ গ্ৰহন কৰিছিল আৰু কাৰাবৰণো খাটিবলগীয়া হৈছিল। তীৰ্থনাথ শৰ্মা দেৱ একেৰাহে সংগীত, অভিনয়, বাদ্য-যন্ত্ৰ, ছন্দ অলংকাৰ কথা, নাট্য-সাহিত্য, দৰ্শন-নৰ্তন, শ্ৰুতি-স্মৃতি, কোষ-অভিধান নিৰুক্ত, ধৰ্ম-কৰ্ম, ভক্তি-মুক্তি, সুকুমাৰ কলা, চাৰু কাৰু কলা, ৰাজনীতি-প্ৰজানীতি- সমাজনীতি সকলোতে দক্ষ ব্যক্তি আছিল।
Tirthanath Sarma’s Rachanawali
Tirthanath Sarma's RachanawaliAuthor : Dr. Malini Goswami and Dr. Paramananda MajumdarPublished by Publication Board Assam.Rs. 890
890.00Read more
Tirthanath Sarma’s Rachanawali
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Malini Goswami মালিনী গোস্বামী, Tirthanath Sarma তীৰ্থনাথ শৰ্মা
Tirthanath Sarma's RachanawaliAuthor : Dr. Malini Goswami and Dr. Paramananda MajumdarPublished by Publication Board Assam.Rs. 650
650.00Read more