লক্ষ্মীনন্দন বৰা (ইংৰাজী: Lakhinandan Borah) (জন্ম: ১ মাৰ্চ, ১৯৩২-) এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। 'ৰামধেনু' যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ উপন্যাস ৰচনাতো হাত দিয়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা বৰাই ১৯৮৮ চনত 'পাতাল ভৈৰৱী' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। জন্ম : নগাওঁ জিলাৰ হাতীচোং অঞ্চলৰ কুজিদাঁহ গাঁৱত ১৯৩১ চনত লক্ষ্মীনন্দন বৰাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ফেটুৰাম বৰা আৰু মাতৃৰ নাম ফুলেশ্বৰী বৰা। শিক্ষাজীৱন : লক্ষ্মীনন্দন বৰাই বেবেজিয়া পণ্ডিত কনকচন্দ্ৰ শৰ্মা হাইস্কুলত মাধ্যমিক শিক্ষা আৰম্ভ কৰিছিল যদিও পাছলৈ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৪৮ চনত সেই বিদ্যালয়ৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৫২ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কৰ্মজীৱন : ১৯৫৫ চনত শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজত পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তাৰূপে লক্ষীনন্দন বৰাই কৰ্মজীৱনৰ পাতনি মেলে। তাৰপিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, কটন মহাবিদ্যালয় আদিত শিক্ষকতা কৰি ১৯৫৮ চনত যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ত যোগদান কৰে। ১৯৯২ চনত তেখেত অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপকৰূপে অৱসৰ প্ৰহণ কৰে। কিছুদিন জাৰ্মানীৰ গোটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞানৰ ভিজিটিং প্ৰ্ৰফেচৰ হিছাপে, ইন্দো-জাৰ্মান গৱেষণা প্ৰকল্পৰ আৰু অসম প্ৰদূষণ ব’ৰ্ডৰ অধ্যক্ষ ৰূপেও দায়িত্ব নিৰ্বাহ কৰে। তেখেতে ১৯৭৯ চনত কিছুদিনৰ বাবে কলিকতাৰ পৰা প্ৰকাশ হোৱা 'দ্য ইকনমিকচ টাইমছ্' কাকতৰ যোৰহাটৰ সংবাদদাতা হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। তাৰোপৰি ১৯৯২ৰ পৰা ১৯৯৫ চনলৈ সাপ্তাহিক 'ৰংপুৰ' কাকতৰো তেওঁ সম্পাদক আছিল। সাহিত্যিক জীৱন : লক্ষ্মীনন্দন বৰাই "ৰামধেনু"ত গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰে। তেখেতৰ গল্পসমূহ ৰামধেনু, নতুন অসমীয়া, অৰুণাচল আদিত প্ৰকাশ হৈছিল। সাংবাদিকতাৰ লগতো জড়িত বৰাৰ বাৰটি গল্প সংকলন আৰু পঁচিছখনৰো অধিক উপন্যাস প্ৰকাশ হৈছে। ১৯৮৮ চনত তেখেতে "পাতাল ভৈৰৱী" গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ২০০৪ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে । ড. বৰা অসম সাহিত্য সভাৰ ১৯৯৬ চনৰ বোকাখাত অধিবেশনৰ সভাপতি আছিল। বৰ্তমান তেখেতে "গৰিয়সী" আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । "গঙা চিলনীৰ পাখি" হ’ল তেখেতৰ প্ৰথম উপন্যাস৷ "কাল বলুকাত খোজ" তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ।
BAXHONTI BAXHONA বাসন্তী বাসনা : লক্ষ্মীনন্দন বৰা (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Banalata Publication, Laksminandan Bora লক্ষ্মীনন্দন বৰা
বাসন্তী বাসনা : লক্ষ্মীনন্দন বৰাBAXHONTI BAXHONA
Author: Laxminandan Borah
LANGUAGE: ASSAMESE
Publication: Banalata Prakashan
RS: 350
Dehakatha Afuranta Jauvanar Sansarkathi দেহকথা : অফুৰন্ত যৌৱনৰ সঁচাৰকাঠী : ড° লক্ষ্মীনন্দন বৰা (JYOTI PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Jyoti Prakashan, Laksminandan Bora লক্ষ্মীনন্দন বৰা
দেহকথা : অফুৰন্ত যৌৱনৰ সঁচাৰকাঠী : ড° লক্ষ্মীনন্দন বৰাDehakatha Afuranta JauvansarkarkathiAuthor: Dr. Laksmi Nandan BoraPublished by Nagen SarmahPublication: Jyoti PrakashanLANGUAGE: ASSAMESERS: 120
120.00Add to cart
GANGA CHILANIR PAKHI গঙা চিলনীৰ পাখি : ড° লক্ষ্মীনন্দন বৰা (JYOTI PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Jyoti Prakashan, Laksminandan Bora লক্ষ্মীনন্দন বৰা
গঙা চিলনীৰ পাখি : ড° লক্ষ্মীনন্দন বৰা GANGA CHILANIR PAKHI AUTHOR: DR. LAKSHMI NANDAN BORA LANGUAGE: ASSAMESE PUBLISHER: JYOTI PRAKASHAN RS: 120
Goti Mati Bhakati গতি মতি ভকতি : ড° লক্ষ্মীনন্দন বৰা (JYOTI PRAKASHAN)
গতি মতি ভকতি : ড° লক্ষ্মীনন্দন বৰা
Goti Mati Bhakati
Published by Nagen Sarmah
LANGUAGE: ASSAMESE
Publication: Jyoti Prakashan
RS: 120
Goti Mati Bhakati গতি মতি ভকতি : ড° লক্ষ্মীনন্দন বৰা (JYOTI PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Jyoti Prakashan, Laksminandan Bora লক্ষ্মীনন্দন বৰা
গতি মতি ভকতি : ড° লক্ষ্মীনন্দন বৰা
Goti Mati Bhakati
Published by Nagen Sarmah
LANGUAGE: ASSAMESE
Publication: Jyoti Prakashan
RS: 80
80.00Add to cart
Jakeri Nahika Upama যাকেৰি নাহিকে উপাম : লক্ষ্মীনন্দন বৰা (JYOTI PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Jyoti Prakashan, Laksminandan Bora লক্ষ্মীনন্দন বৰা
যাকেৰি নাহিকে উপাম : লক্ষ্মীনন্দন বৰা
Jakeri Nahika Upama
Author: Dr. Lakhmi Nandan Bora
Language: Assamese
Publisher: Jyoti Prakashan
Regular Price Rs. 200 Sale Price Rs. 180
KAL-BALUKAT KHOJ কাল-বলুকাত খোজ : ড° লক্ষ্মীনন্দন বৰা (JYOTI PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Jyoti Prakashan, Laksminandan Bora লক্ষ্মীনন্দন বৰা
কাল-বলুকাত খোজ : ড° লক্ষ্মীনন্দন বৰা
KAL-BALUKAT KHOJ
Author: Lakshmi Nandan Bora
Language: Assamese
Publisher: Jyoti Prakashan
Rs: 450
Patal Bhairavi পাতাল ভৈৰৱী : ড° লক্ষ্মীনন্দন বৰা ১৯৮৮ চনৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত উপন্যাস (JYOTI PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Award Winners Assamese Books পুৰস্কাৰপ্ৰাপ্ত অসমীয়া কিতাপ, Jyoti Prakashan, Laksminandan Bora লক্ষ্মীনন্দন বৰা
পাতাল ভৈৰৱী : ড° লক্ষ্মীনন্দন বৰা
১৯৮৮ চনৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত উপন্যাস
Patal Bhairavi
Written by Dr. Lakshmi Nanndan Bora
Published by sri Nagen Sarmah,
LANGUAGE: ASSAMESE
Publication: Jyoti Prakashan
RS: 200(১৯৮৮ চনৰ সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত)লক্ষ্মীনন্দন বৰা পাতাল ভৈৰৱী উপন্যাস
RAG-ANURAG ৰাগ-অনুৰাগ : লক্ষ্মীনন্দন বৰা (BANALATA)
ৰাগ-অনুৰাগ : লক্ষ্মীনন্দন বৰাRAG-ANURAGAuthor: Dr.Lakshmi Nandan BoraLANGUAGE: ASSAMESEPublication: BANALATARS: 220
SEHI GUNANIDHI সেহি গুণনিধি : লক্ষ্মীনন্দন বৰা (JYOTI PRAKASHAN)
সেহি গুণনিধি : লক্ষ্মীনন্দন বৰা
SEHI GUNANIDHI
Author: Lakshminandan Borah
Language: Assamese
Publisher: Jyoti Prakashan
Rs: 230
Sehi Sabyasachee সেহি সব্যসাচী : লক্ষ্মীনন্দন বৰা (JYOTI PRAKASHAN)
সেহি সব্যসাচী : লক্ষ্মীনন্দন বৰা
Sehi Sabyasachee
Author: Dr. Lakshmi Nandan Bora
Language: Assamese
Publisher: Jyoti Prakashan
Rs: 230Sehi Sabyasachee An assamese novel based on the life of Sri Pitambardev Goswami by Dr. Lakshmi Nandan Bora and published by Nagen Sarmah on behalf of Jyoti Prakashan.
Swa-Nirbbachita Upanyas-Sambhar স্ব-নিৰ্বাচিত উপন্যাস সম্ভাৰ : লক্ষ্মীনন্দন বৰা একুৰি উপন্যাসৰ সংকলন (JYOTI PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Jyoti Prakashan, Laksminandan Bora লক্ষ্মীনন্দন বৰা
স্ব-নিৰ্বাচিত উপন্যাস সম্ভাৰ : লক্ষ্মীনন্দন বৰা একুৰি উপন্যাসৰ সংকলন
Swa-Nirbbachita Upanyas-Sambhar
Author: Dr.Lakshmi Nandan Bora
Published by Shri Nagen Sarmah
LANGUAGE: ASSAMESE
Publication: Jyoti Prakashan
RS: 700