No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
লক্ষ্মীনাথ বেজবৰুৱা (ইংৰাজী: Lakshminath Bezbaroa; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে ৷ সাহিত্যিক জীৱন : বেজবৰুৱাৰ সাহিত্যিক জীৱন কলিকতাত পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল৷ সেই সময়তেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায়৷ সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি অন্যান্য কলিকতাত পঢ়ি থকা ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা" নামে এখন সভা স্থাপন কৰে৷ এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে৷ এই 'জোনাকী'ৰ পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনত মনোনিবেশ কৰে৷ জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত 'লিতিকাই' নামৰ প্ৰথম প্ৰহসন প্ৰকাশ কৰে৷ ইয়াৰ পিছত তেওঁ নিৰবিচ্চিন্নভাৱে অসমীয়া সাহিত্যৰ সকলো দিশতে জোনাকীকে ধৰি সেই সময়ত আৰু তাৰ পাছত অসমীয়া ভাষাত প্ৰকাশ পোৱা সকলো আলোচনী, সংবাদপত্ৰত সাহিত্য সাধনা কৰি যায়৷ 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত প্ৰকাশ কৰা 'বাঁহী' অলোচনীৰ প্ৰতিস্থা আৰু সম্পাদনা কৰে৷ বাঁহীৰ পাততেই সাহিত্যিক বেজবৰুৱা পূৰ্ণ হৈ উঠিল৷ বাঁহীৰ উপৰিও বেজবৰুৱাই সমসাময়িক চেতনা, আলোচনী, জন্মভূমি, মিলন, অসম সাহিত্য সভা প্ৰত্ৰিকা, অৰুণ, আৱাহন, বৰদৈচিলা, ন-জোন, জয়ন্তী, দৈনিক বাতৰি, অসম বন্তি আদি বিভিন্ন কাকত-আলোচনীত নিজৰ সৃষ্টিশীল লেখনি প্ৰকাশ কৰিছিল৷
In stock
In stock
Out of stock
Out of stock
In stock
In stock
In stock
In stock
In stock
In stock
In stock
In stock
In stock
In stock
Out of stock
In stock
Out of stock
Out of stock
Out of stock
Out of stock
Out of stock
Out of stock
Out of stock
Out of stock
© scientiabooks.in an online Book Store in Guwahati, Assam India.